/asomiyapratidin/media/media_files/2025/08/27/new-ap-web-3-20-2025-08-27-16-42-59.jpg)
ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ ৰবি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নদীখনৰ কাষৰীয়া অঞ্চলসমূহত বানপানীৰ সৃষ্টি হৈছে। এই বানে ঠায়ে ঠায়ে প্ৰলয়কাৰী ৰূপ ধাৰণ কৰিছে।
জম্মু কাশ্মীৰত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে এই নদীখনৰ জলপৃষ্ঠ। ফলত পাকিস্তানত এই নদীখনৰ বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
খবৰ অনুসৰি পাকিস্তানৰ ঐতিহাসিক কৰ্তাৰপুৰ ছাহিব গুৰুদ্বাৰত ৰবি নদীৰ পানী সোমাইছে। ফলত এই গুৰুদ্বাৰত আৱদ্ধ হৈ আছে ১০০ জনৰো অধিক লোক।
কৰ্তাৰপুৰ প্ৰকল্পৰ উপ-সচিবগৰাকীৰ মতে এই আবদ্ধ লোকসকলৰ ভিতৰত আছে ১৮ গৰাকী তীৰ্যযাত্ৰীও। উপ-সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে ছ’চিয়েল মিডিয়াত এই গুৰুদ্বাৰ বানৰ কৱলত পৰা যিসমূহ দৃশ্য ভাইৰেল হৈছে সেইসমূহ তেওঁলোকৰ কৰ্মচাৰীয়েই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। তেওঁ নিশ্চিত কৰিছে যে সেই দৃশ্যত যি দেখিছে সেয়া বানপানীৰ ফলত হোৱা পৰিবেশ।
Floodwaters wreaked havoc at Sri Kartarpur Sahib Pakistan submerging the lower portion of the Gurdwara Sahib around 3 AM. Angitha Sahib, Mazar Sahib & Khooh Sahib have gone underwater, contact with sevadars has been lost, and rescue operations are currently underway.
— Gagandeep Singh (@Gagan4344) August 27, 2025
Source :… pic.twitter.com/dJpQT1m3L1
আনহাতে কৰ্তাৰপুৰ প্ৰশাসনৰ এজন বিষয়াই কয় যে ৰবি নদীৰ বানপানী গুৰুদ্বাৰত প্ৰৱেশ কৰিছে। ইয়াত পানীৰ উচ্চতা ৯ৰ পৰা ১০ ফুট পৰ্যন্ত হৈছে।
প্ৰশাসনে জানিবলৈ দিছে যে এতিয়ালৈকে উদ্ধাৰকাৰী বা জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাই। উপ-সচিবৰ মতে, আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰৰ ব্যৱস্থা কৰাৰ চেষ্টা চলি আছে।
ইয়াৰ পূৰ্বে বানপানীৰ পৰিস্থিতিৰ বাবে কৰ্তাৰপুৰ ছাহিব গুৰুদ্বাৰৰ ওচৰৰ বান্ধত ফাট মেলিছে। শ্বাকৰগড়ৰ সৈতে নাৰোৱাল জিলাৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথো পানীত ডুব গৈছে।
1. 85 villages in Sialkot district cut off
— . (@DDRNewDelhi) August 27, 2025
2. Flood Situation in Pakpattan
3. Flood waters inside Dera Sahib Kartarpur
3. Extreme Flood Alert in Punjab, Pakistan pic.twitter.com/rqpmzJriOx
এই পৰ্যন্ত এই অঞ্চলটোৰ পৰা ২৫০ জনৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।