ধুবুৰী জিলাৰ মুঠ ৩,৩৯,৩৪১ গৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাভ কৰিব সুলভ মূল্যৰ চেনি, দাইল আৰু নিমখ

দেওবাৰে ধুবুৰী জিলা আয়ুক্তই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে জনাই যে, সোমবাৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এক বিশেষ সুবিধা।

author-image
Asomiya Pratidin
New Update
169

ডিজিটেল সংবাদ, ধুবুৰী : দেওবাৰে ধুবুৰী জিলা আয়ুক্তই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলযোগে জনাই যে, সোমবাৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এক বিশেষ সুবিধা।

বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব চেনি, নিমখ আৰু দালি। কাইলৈ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিব এই আঁচনিৰ।

ধুবুৰী জিলাৰ মুঠ ৩,৩৯,৩৪১ গৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাভ কৰিব সুলভ মূল্যৰ চেনি, দালি আৰু নিমখ।প্ৰথমাৱস্থাত কাইলৈৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত হিতাধিকাৰীসকলে এই সুবিধা লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই লাভ কৰিব সুলভ মূল্যৰ চেনি, নিমখ আৰু দালি।  উল্লেখ্যযোগ্য যে, ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা আয়ুক্ত দিবাকৰ নাথে সংবাদমেল সম্বোধন কৰি সদৰী কৰে এই তথ্য।

ধুবুৰী