বজালী জিলাত ৬৮,৪৪৬ গৰাকী ৰেচন কাৰ্ডধাৰীয়ে লাভ কৰিব সুলভ মূল্যৰ সামগ্ৰী

বজালী জিলাৰ ৬৮,৪৪৬ গৰাকী ৰেচন কাৰ্ডধাৰীয়ে জিলাৰ ৩৩১খন ন্যায্য মূল্য দোকান (FPS)ৰ জৰিয়তে সুলভ মূল্যৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব বুলি দেওবাৰে সাংবাদিকক জনাই জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ দাসে।

author-image
Asomiya Pratidin
New Update
175

ডিজিটেল সংবাদ, পাটাছাৰকুছি : বজালী জিলাৰ ৬৮,৪৪৬ গৰাকী ৰেচন কাৰ্ডধাৰীয়ে জিলাৰ ৩৩১খন ন্যায্য মূল্য দোকান (FPS)ৰ জৰিয়তে সুলভ মূল্যৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব বুলি দেওবাৰে সাংবাদিকক জনাই জিলাৰ উপায়ুক্ত মৃদুল কুমাৰ দাসে। তেওঁ লগতে কয় যে, সামগ্ৰীসমূহৰ সুকলমে বিতৰণৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিবলগা ৰাজ্যব্যাপী কাৰ্যসূচীটোৰ লাইভ টেলিকাষ্টৰো ব্যৱস্থা কৰা হৈছে।

বজালী জিলাৰ ৬৮,৪৪৬ গৰাকী উপভোক্তাৰ ভিতৰত ৭,৩৯২ গৰাকী অন্ত্যোদ্বয়া (Antyodaya Anna Yojana - AAY) আৰু ৬১,০৫৪ গৰাকী পি.এইচ.এইচ (Priority Household - PHH) হিতাধিকাৰী আছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)ৰ অধীনৰ হিতাধিকাৰীসকলৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু জীৱন যাপনৰ ব্যয় হ্ৰাসৰ উদ্দেশ্যে অসম চৰকাৰে নতুন উদ্যোগৰ জৰিয়তে মছুৰ দালি, চেনী আৰু নিমখ সুলভ মূল্যে বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে।

এই উদ্যোগৰ ৰাজ্যব্যাপী শুভাৰম্ভ উপলক্ষে সকলো জিলাত মুখ্যমন্ত্ৰীৰ উদ্বোধনী কাৰ্যসূচীটো লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হ’ব। বজালী জিলাৰ সকলো ৩৩১টা ন্যায্যমূল্য দোকানতো ইয়াৰ প্ৰচাৰণ দেখাব ৷ উপভোক্তাসকলক ১০ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ নিজৰ পৰিচয় ePOS ফিংঙ্গাৰপ্ৰিণ্ট প্ৰমাণীকৰণৰ জৰিয়তে নিশ্চিত কৰি সামগ্ৰীসমূহ সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱা হৈছে।

বজালী জিলাত বিতৰণ কাৰ্য্য সথিকভাৱে সম্পন্ন কৰিবলৈ ৬৮৪.৪৬ কুইন্টেলকৈ মছুৰ দালি, চেনী আৰু নিমখ ইতিমধ্যে সকলো FPS দোকানলৈ পঠিয়াই দিয়া হৈছে। উদ্বোধনী কাৰ্যসূচীৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ কথা জানিব পৰা গৈছে।

বজালী