/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-16/apkc9hpd/f564b096-01f8-4264-8d15-551796d848b5.jpg)
ডিজিটেল ডেস্কঃ সদ্যপ্ৰয়াত ৰতন টাটাৰ সন্দৰ্ভত বিগত দিনকেইটাত যথেষ্ট কথা চৰ্চা হৈছে। তেখেতৰ বিশাল ব্যক্তিত্ব, মহানুভৱতা আদিক লৈ না না কথা আলোচনা হৈছে। এই কথাবোৰৰ মাজতে চৰ্চালৈ আহিছে ৰতন টাটা জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰা চৰম সুখৰ সেই মূৰ্হুতৰ কথা।
ৰেডিঅ'ৰ এক সাক্ষাতকাৰত ৰতন টাটাই কৈছিল জীৱনত তেওঁ প্ৰথমবাৰ কি ঘটনাৰ বাবে চৰম সুখ অনুভৱ কৰিছিল। ৰেডিঅ'ত সাক্ষাতকাৰত লোৱা পৰিচালিকাগৰাকীয়ে ৰতন টাটাক প্ৰশ্ন কৰিছিল- জীৱনত আপুনি প্ৰথমবাৰ কেতিয়া অন্তৰৰ পৰা চৰম সুখ অনুভৱ কৰিছিল?
সেই প্ৰশ্নৰ উত্তৰত প্ৰয়াত ৰতন টাটাই কৈছিল- সুখ বুলি কওঁতে এটা সময়ত ভাৱিছিলো ঘৰত যেতিয়া দামী দামী সামগ্ৰী সংগ্ৰহ কৰিম, তেতিয়া মোৰ মনত এটা ভীষণ সুখ অনুভৱ কৰিম। কিয়নো এই কামত মোৰ বিশেষ চখ আছিল। কিন্তু সেই কাম কৰাৰ পাছতো মই অন্তৰৰ পৰা সুখ অনুভৱ কৰিব নোৱাৰিলো।
সুখৰ সন্দৰ্ভত ৰতন টাটাই লগতে ক'লে- ইয়াৰ পিছতে ভাৱিলো ব্যৱসায়ৰ পৰিধি যেতিয়া বাঢ়িব তেতিয়াই মই পৰম সুখ লাভ কৰিম। এটা সময়ত সেয়াও হল, কিন্তু মই বিচাৰি থকা সুখখিনি তেতিয়াও অনুভৱ কৰিব নোৱাৰিলো। এনেতে এদিন মোলৈ এগৰাকী বন্ধুৰ ফোন আহিল। ফোনতে বন্ধুগৰাকীয়ে মোৰ পৰা একপ্ৰকাৰৰ সহায় বিচাৰিলে।
বন্ধুগৰাকীয়ে ক'লে যে, তেওঁক মই ২০০খন হুইল চেয়াৰ কিনি দিব লাগে। ২০০গৰাকী শাৰিৰিকভাৱে বাধাগ্ৰস্ত শিশুৰ বাবে এই চেয়াৰখিনি প্ৰয়োজন বুলি মোক কলে। ময়ো শিশুসকলৰ কথা ভাৱি ২০০ হুইল চেয়াৰ কিনি দিলো। সামগ্ৰীখিনি পোৱাৰ পাছত বন্ধুজনে পুনৰ মোক অনুৰোধ কৰিলে যে, মই নিজে এদিন সেই শিশুখিনিক সাক্ষাতৰ বাবে যাব লাগে। বন্ধুৰ কথা ৰাখি মই শিশুসকলৰ কাষলৈ গৈছিলো।
শিশুসকলৰ ওচৰত গৈ মই যেতিয়া পাইছিলো তেতিয়া দেখিলো প্ৰতিজন শিশুৰেই মুখৰ এই উজ্বল ৰূপ। তেওঁলোকে এনেকৈ মোলৈ চাই আছে যে, তেওঁলোকে কোনোবা যুদ্ধত বিজয়ী হোৱা ৰণুৱাহে। তেওঁলোকৰ উজ্বল মুখাৱয়ব দেখি মোৰ মন পুলকিত হৈ উঠিছিল।
মোৰ উভতিবৰ সময় হৈছিল। এনেতে এগৰাকী শিশুৱে আহি মোৰ ভৰি জোৰকৈ সাৱটি ধৰিলে। মই খোজ কাঢ়িব পৰা নাছিলো। মই শিশুটিক যিমান পাৰো এৰুৱাবলৈ যত্ন কৰিছিলো, কিন্তু তেওঁ মোক আৰু জোৰকৈ ধৰিছিল। মই তেওঁক সুধিছিলো কি হৈছে, কিবা অসুবিধা হৈছে নেকি? শিশুটিয়ে সেই সময়ত মোক দিয়া উত্তৰটিয়ে মোৰ জীৱনত মই বিচাৰি থকা সেই চৰম সুখ প্ৰদান কৰিছিল। শিশুটিৱে মোক কৈছিল- মই আপোনাক আৰু অলপ সময় চাব বিচাৰো। মই আপোনাৰ মুখখন মনত ৰাখিব বিচাৰো। যাতে কেতিয়াবা স্বৰ্গত লগ পালেও মই আপোনাক ধন্যবাদ দিব পাৰো।'
এনেদৰেই ৰতন টাটাই কৈছিল জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ কেতিয়া চৰম সুখ অনুভৱ কৰিছিল।