ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও বৰ্তমানেও প্ৰতিটো দিনত সংস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ সোমবাৰৰে পৰা আইনগতভাৱে মাস্ক পিন্ধাটো বাঞ্চনীয় কৰিলে ৰাজস্থান চৰকাৰে।
ৰাজস্থান চৰকাৰে ইয়াৰ লগতে প্ৰদুষণ ৰোধৰ বাবে আটচবাজীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখ্য যে, আগন্তক দিপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিনৰ পূৰ্বে দিল্লী চৰকাৰেও আটচবাজীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে জৰিমণা বিহাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল।