শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ বন্দনাৰে মুখৰিত বটদ্ৰৱাৰ সত্ৰ-নামঘৰ

কি উজনি, কি নামনি; সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল।

author-image
Asomiya Pratidin
New Update
138

ডিজিটেল সংবাদ, বটদ্ৰৱা : কি উজনি, কি নামনি; সৰ্বত্ৰ ৰাস মহোৎসৱৰ উন্মাদনা। ব্যতিক্ৰম নহ'ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বিভিন্ন অঞ্চল।

শৰতৰ পূৰ্নিমা ৰাতি বটদ্ৰৱাৰ সমীপৱৰ্তী নমাটি গাঁৱত কিশোৰী, যুৱতী আৰু আইসকলে 'আহা সখী আহা বাই, বৃন্দাবনে যাওঁ' শীৰ্ষক গীত আৰু খোল তালৰ শব্দত নৃত্যত মতলীয়া হৈ পৰে। ৫৪ বৰ্ষ অতিক্ৰম কৰা নমাটি গাঁৱৰ ৰাস উৎসৱত হেজাৰ- হেজাৰ দৰ্শকৰ মাজে মাজে কৃষ্ণসহিতে গোপীসকলে কৰা এই ৰাসলীলাত যেন বৃন্দাবনলৈ পৰিণত হৈ পৰে।

শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত কৰা ৰাসলীলাত ওৰে নিশা মগন হৈ পৰিলে সহস্ৰাধিক ৰাইজ। ইয়াৰোপৰি বটদ্ৰৱা আঞ্চলিক ৰাস মন্দিৰ, কৰচোং সত্ৰ ৰাস মন্দিৰৰ লগতে ৰাইডঙীয়া, ভোমোৰাগুৰি, হাতীচোং আদি স্থানত অঞ্চলৰ যুৱতী বোৱাৰীসকলৰ অভিনয়েৰে কৰা শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াত ওৰে নিশা মগন হৈ পৰে।

ৰাস পূৰ্ণিমা