/asomiyapratidin/media/media_files/2025/11/16/242-2025-11-16-23-06-04.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ কলঙৰ পাৰৰ জাগীয়াল পেটবঢ়াত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশত নিশা কৃষ্ণ-শংখচূড়-ডেৰ শতাধিক গোপীৰ অভিনয়ে গোটেই নিশা জীপাল হৈ পৰাৰ লগতে দ্বিতীয় বৃন্দাবনলৈ ৰুপান্তৰ হৈ পৰে । শনিবাৰে পুৱা পৰিবেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী ৰূপন হাজৰিকাই ।
ইয়াৰ পাছত নাহৰ পুলি ৰোপণ কৰে সমাজকৰ্মী ৰেৱ হাজৰিকা আৰু মোহন হাজৰিকাই । তাৰ পিছত নান্দনিক ভাগৱত শোভাযাত্ৰাত ৰাস-লীলা, দিহানাম, গায়ন-বায়ন, অংকীয়া ভাওনা আদিৰে উদ্ভাসিত হৈ পৰিল কলংপাৰৰ সমগ্ৰ অঞ্চল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-image-2025-11-16-23-06-27.jpeg)
দুপৰীয়া নাম-প্ৰসংগ অনুষ্ঠিত হয় । সন্ধিয়া যোৰা পৰিবেশনৰ পিছতে জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । সমাজকৰ্মী ৰেৱ হাজৰিকা, ৰাস-কমিটিৰ স্থায়ী সমিতিৰ সভাপতি ভূপেন শইকীয়াই জুবিন গাৰ্গৰ কৰ্মৰাজী আলোকপাত কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিক সংৰক্ষণৰ অনুৰোধ জনায় ।
লগতে ৰাস-মণ্ডপত শিল্পীগৰাকীৰ মায়াবিনী গীত সকলোৱে সমস্বৰে পৰিবেশন কৰে । পৰৱৰ্তী উদযাপন সমিতিৰ সম্পাদক জীৱন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত শংকৰী কৃষ্টি সাধক- গায়ন বায়ন সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
সমাজকৰ্মী ৰূপন হাজৰিকাই উদ্বোধন কৰা অনুষ্ঠানটিত লেখক-সাংবাদিক দেৱজিৎ হাজৰিকা, ঘাঁহী গাঁও পঞ্চায়তৰ সভাপতি মমতা দাসে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ তাৎপৰ্য সম্পৰ্কীয় ভাষণ প্ৰদান কৰে । উল্লেখ্য যে জাগীয়াল পেটবঢ়া অঞ্চলৰ ডেৰ শতাধিক জীয়ৰী-বোৱাৰীৰ দ্বাৰা পৰিবেশিত ৰাসক্ৰীড়াই গোটেই নিশা দৰ্শক ৰাইজক মুহিত কৰি তোলে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/whatsapp-ima-2025-11-16-23-06-39.jpeg)
দেওবাৰে পুৱতি নিশা কল্যাণ খৰমানেৰে ৰাস মহোৎসৱৰ সামৰণি পৰে । উল্লেখ্য যে আজি পুৱা পৰিবেশ নিকাকৰণ, দুপৰীয়া নাম-প্ৰসংগ, বিয়লি মহিলা সকলৰ দিহানাম, আৰু নিশালৈ গুৰুজনাৰ অমৰ সৃষ্টি কালীয় দমন নাট অনুষ্ঠিত হয়। উক্ত নাটখনিৰ উদ্বোধন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ।
দুপৰ নিশালৈকে কালীয় দমন নাটকত শিল্পীসকলৰ সাৱলীল অভিনয়ে দৰ্শক ৰাইজক মোহাছন্ন কৰি ৰাখে । অনুষ্ঠানটিৰ সফল সমাপ্তিৰ বাবে উদ্যোক্তা মোহন বৰা, ভূপেন শইকীয়া, মাধৱ চন্দ্ৰ বৰা, জীবন শইকীয়া, ৰাজু বৰাকে ধৰি উদ্যোক্তা মণ্ডলীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us