ভেৰভেৰীত ৰাস মহোৎসৱ উদযাপন...

নগাঁৱৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত দেওবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এদিনীয়া কাৰ্যসূচীৰে ভেৰভেৰী তৰাণিপাৰ আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আৰু খাটোৱাল নামঘৰৰ উদ্যোগত আয়োজিত

author-image
Asomiya Pratidin
New Update
430

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰৰ সমীপত দেওবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এদিনীয়া কাৰ্যসূচীৰে ভেৰভেৰী তৰাণিপাৰ আঞ্চলিক ৰাস উৎসৱ উদযাপন সমিতিৰ ব্যৱস্থাপনাত আৰু খাটোৱাল নামঘৰৰ উদ্যোগত আয়োজিত ৰাস মহোৎসৱৰ প্ৰথম কাৰ্য্যসূচী ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছতেই সন্ধিয়া ৰাসস্থলীৰ সন্মুখত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীয়ে। ইয়াৰ পাছতেই নিশাৰ ভাগলৈ গুৰুজনাৰ কেলিগোপাল নাটৰ আধাৰত মঞ্চস্থ হ'বলগীয়া শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ।

উক্ত উদ্বোধনী অনুষ্ঠানত চলচলি-হালোৱাগাওঁ পঞ্চায়তৰ সভাপতি প্ৰশান্ত বৰাৰ লগতে বহুকেইগৰাকী গন্য মান্য ব্যক্তি উপস্থিত থাকে। নাৰায়ণ বৰাৰ পৰিচালনাৰে অনুষ্ঠিত উক্ত ৰাস ভাগত শ্ৰী কৃষ্ণৰ সুন্দৰ নৃত্য-ভোৱন বলুয়া হাঁহি,ময়ুৰৰ লয়লাস, ৰাধাৰ নৃত্য, পুতনাৰ অভিনয় ,মোহীনীৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সকলোকে মোহিত কৰে।

নগাঁও