বৰাকত প্ৰথমবাৰৰ বাবে মহাপুৰুষীয়া ৰাস মহোৎসৱ উদযাপন

প্ৰথমবাৰৰ বাবে এইবাৰ বৰাক উপত্যকাত অনুষ্ঠিত হৈছে মহাপুৰুষীয়া ৰাস যাত্ৰা।  "সদৌ বৰাকবাসীৰ সৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ" সোম আৰু মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে শিলচৰ তাৰাপুৰ অসমীয়া গাঁৱত অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
481

ডিজিটেল সংবাদ, শিলচৰ : প্ৰথমবাৰৰ বাবে এইবাৰ বৰাক উপত্যকাত অনুষ্ঠিত হৈছে মহাপুৰুষীয়া ৰাস যাত্ৰা।  "সদৌ বৰাকবাসীৰ সৰ্বজনীন শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ" সোম আৰু মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে শিলচৰ তাৰাপুৰ অসমীয়া গাঁৱত অনুষ্ঠিত কৰা হয়।

শিক্ষয়িত্ৰী ৰেখাৰানী বৰুৱাৰ নেতৃত্বত আৰু তাৰাপুৰ অসমীয়া গাঁৱৰ লোক সকলৰ সহযোগত মহা ধুমধামেৰে আয়োজন কৰা হয় এই ৰাসযাত্ৰা। সম্পূৰ্ণ যুৱতী আৰু মহিলা শিল্পীয়ে অভিনয় কৰা এই ৰাস যাত্ৰাভাগ বিগত দহ দিন ধৰি আখৰা কৰোইছিল নগাঁও জিলাৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ নেতৃত্বত এটি শিল্পীৰ দলে।

মঙলবাৰে নিশা পৰিবেশন কৰা ৰাস যাত্ৰা ভাগি অসংখ্য দৰ্শকে উপভোগ কৰে। বাঙালী অধ্যূষিত বৰাক উপত্যকাত নগন্য অসমীয়া লোক সকলে এই ৰাসযাত্ৰাভাগি অনুষ্ঠিত কৰি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি নৱ প্ৰজন্মৰ মাজত দাঙি ধৰাৰ চেষ্টা কৰা বুলি মন্তব্য কৰে আয়োজক ৰেখাৰানী বৰুৱাই।

বৰাকত মহাপুৰুষীয়া কৃষ্টি সংস্কৃতি ভৱিষ্যতেও জীয়াই ৰখাৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া লোক সকলৰ সহায় কামনা কৰিছে আয়োজকসকলে।

বৰাক