/asomiyapratidin/media/media_files/2025/11/07/152-2025-11-07-11-31-40.jpg)
ডিজিটেল সংবাদ, লখিমপুৰ : শৰৎ কালৰ পূৰ্ণিমাৰ জোৎস্না বিঢৌত নিশা ৰাজ্যৰ গাঁৱে গাঁৱে মঞ্চস্থ হৈছে শ্ৰী শ্ৰী৷কৃষ্ণৰ ৰাসলীলা ৷ গাঁৱে গাঁৱে পৰিণত হৈছে গকুল ,মথুৰা ,বৃন্দাবন ৷
লখিমপুৰৰ এঙাৰখোৱা পূৱেৰুণ সংঘত বৃহস্পতিবাৰে দ্বিতীয় দিনৰ বাবে আঞ্চলিক ভিৰ্তিত ৰাসলীলা মঞ্চস্থ হয় । গোপবালক আৰু কালীয় দমনৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা কণমানি শিল্পী এঞ্জেলিনা হাজৰিকাৰ কৃষ্ণাভিনয় আৰু নৃত্যই উপস্থিত দৰ্শক সকলোকে মুগ্ধ কৰে ৷
কণমানি শিল্পীগৰাকীৰ অভিনয়ত সন্তুষ্ট হৈ দৰ্শকে নগদ ধনেৰে পুৰস্কৃত কৰে ৷ আনহাতে দৈৱকীৰ চৰিত্ৰত অভিনয় কৰা হিতৈষণা বৰগোহাঁইকো দৰ্শকে বলিষ্ঠ অভিনয়ৰ বাবে পুৰস্কৃত কৰে ৷
উল্লেখ্য যে এঙাৰখোৱাৰ পূৱেৰুণ সংঘৰ ৰাসে এইবাৰ ৭৩ বছৰত ভৰি দিছে । ১৯৫২ চনৰ আঞ্চলিক ভিৰ্তিত পূৱেৰুণ সংঘত ৰাস প্ৰদৰ্শিত হৈ আহিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us