ৰাষ্ট্রীয় একতা দিৱসঃ গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিলে প্ৰধানীমন্ত্ৰীয়ে

অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুবর্তিতা আৰু বীৰত্বক প্রতিফলিত কৰা আকর্ষণীয় কুচকাৱাজ প্রধানমন্ত্রী মোডীয়ে প্রত্যক্ষ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্রীয় একতা দিৱসত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিয়ে। শ্রী মোডীয়ে একতাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে একতা দিৱসৰ শপত বাক্য পাঠ কৰোৱায়। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুবর্তিতা আৰু বীৰত্বক প্রতিফলিত কৰা আকর্ষণীয় কুচকাৱাজ প্রধানমন্ত্রী মোডীয়ে প্রত্যক্ষ কৰে।

কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, ভাৰত-তিববত সীমান্ত আৰক্ষী, সশস্ত্র সীমা বল আৰু অসম, ত্রিপুৰা, ওড়িশা, ছত্তিশগড়, মধ্যপ্রদেশ, মহাৰাষ্ট্র, পঞ্জাৱ, জম্মু-কাশ্মীৰ, কেৰেলা আৰু অন্ধ্রপ্রদেশৰ ৰাজ্যিক আৰক্ষী বাহিনীসমূহে কুচকাৱাজত অংশগ্ৰহণ কৰে।

এইবাৰৰ কুছকাৱাজত সীমান্ত সুৰক্ষা বাহিনী বিশেষকৈ ভাৰতীয় জাতৰ কুকুৰ ৰামপুৰ আৰু মুধল হাউণ্ডছে আত্মনির্ভৰ ভাৰতক প্রতিফলিত কৰে। অনৈক্যৰ মাজত ঐক্য বিষয়বস্তুবে বাষ্ট্রীয় সুৰক্ষা গার্ড আৰু ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীৰ লগতে ১০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্রতীকপট প্রদর্শন কৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে নাগৰিকসকলক একত্ৰিত হৈ দেশৰ প্ৰগতিৰ বাবে নিজকে উৎসৰ্গা কৰি বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে আহ্বান জনায়। চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে অনুষ্ঠিত বিশাল সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ পৰাই নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ হৈ আছে।

 ২০১৪ চনৰ আগতে সমগ্র দেশৰ প্রায় এশখন জিলা মাওবাদী কার্যকলাপৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও আজি সেই সংখ্যা মাত্র এঘাৰখনলৈ হ্রাস পাইছে। তেওঁ কয় যে স্বাধীনতাৰ পাছত চৰ্দাৰ পেটেলে 'এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ দৃষ্টিভংগীক মূৰ্ত কৰি ৫৫০ খনতকৈও অধিক দেশীয় ৰাজ্যক একত্ৰিত কৰি অসম্ভর যেন লগা কামটো সম্ভৱ কৰি তুলিছিল।

নৰেন্দ্ৰ মোডী