ৰাজ্যিক চেম্পিয়নশ্বিপত উজ্বলিল ৰঙাপৰাৰ ৰশ্মিতা দাস

ৰশ্মিতা দাসে অহা ১৩ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে নতুন দিল্লীৰ তালকটোৰা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ৩৯ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্রতিযোগিতাত অংশ গ্রহণ কৰিব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  গুৱাহাটীত সদ্যসমাপ্ত ৪০ সংখ্যক ৰাজ্যিক টাইকোৱাণ্ডো প্রতিযোগিতা- ২০২৫ ত সোণৰ পদক লাভ কৰি ৰঙাপৰাৰ নাম উজ্বলালে কণমাণি খেলুৱৈ ৰশ্মিতা দাসে। এই সাফল্যৰ জৰিয়তে তেওঁ অঞ্চলবাসী ৰাইজৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। 

গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামস্থিত আৰ জি বৰুৱা ক্রীড়া কমপ্লেক্সত ভাৰতীয় টাইকোৱাণ্ডো সংস্থাৰ অধীনত সদৌ অসম টাইকোৱাণ্ডো সংস্থাই অনুষ্ঠিত কৰা তিনিদিনীয়া ৪০ সংখ্যক প্রতিযোগীতাত ৰঙাপৰাৰ কিশোৰী খেলুৱৈ ৰশ্মিতা দাসে অংশ গ্ৰহণ কৰিছিল। উক্ত প্রতিযোগিতাত উপ-জুনিয়নৰ ছোৱালী শাখাত দক্ষতা আৰু আত্মবিশ্বাসৰ পৰিচয় দি ৰশ্মিতা দাসে সোঁণৰ পদক দখল কৰিবলৈ সক্ষম হয়। ইপিনে ৰশ্মিতা দাসে অহা ১৩ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে নতুন দিল্লীৰ তালকটোৰা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগা ৩৯ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডো প্রতিযোগিতাত অংশ গ্রহণ কৰিব। 

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাত উৎকৃষ্ট প্রদর্শনেৰে ৰশ্মিতাই পুনৰ সোঁণৰ পদক অর্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব বুলি অঞ্চলবাসী ৰাইজে আশা প্রকাশ কৰিছে। সম্প্রতি খেলুলৈগৰাকীয়ে অধ্যয়নৰ সমান্তৰালভাৱে ৰঙাপৰাৰ টাইকোৱাণ্ডো একাডেমীত ববিতা দাসৰ তত্ত্বাৱধানত নিয়মীয়া অনুশীলন কৰি আছে।

ৰঙাপৰা