/asomiyapratidin/media/media_files/2026/02/27/new-ap-web-11-1g-2026-02-27-08-22-35.jpg)
ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।
তেওঁলোকৰ এই বিশেষ দিনটোত অনুৰাগীৰ লগতে চিনেমা জগতৰ বন্ধু-বৰ্গই শুভেচ্ছা জ্ঞাপন কৰে। দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই দক্ষিণৰ এই জনপ্ৰিয় তাৰকা যুটীটোৱে আজিৰ পৰা জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/whatsapp-image-202-2026-02-27-08-20-25.jpeg)
উল্লেখ্য যে - ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বিয়লি ভাগলৈ কোডাভা পৰম্পৰাৰে বিবাহ বহে দুয়ো ৷বিবাহৰ আনুষ্ঠানিকতাৰ পাছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷ সামাজিক মাধ্যমত দুয়োৱে বিবাহৰ ফটো শ্বেয়াৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/whatsapp-i-2026-02-27-08-21-08.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us