/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-13-44-54.jpeg)
ডিজিটেল ডেস্কঃ বহু চৰ্তিত এটি যুটি বিজয় আৰু ৰশ্মিকা। দুয়েৱে ২০২৬ চনৰ ২৬ফেব্ৰুৱাৰীত আৱদ্ধ হৈছিল বিবাহপাশত। উদয়পুৰৰ আৰাৱল্লী পৰ্বতমালাৰে আগুৰি থকা বিলাসী ৰিজ’ৰ্ট 'আই টি চি মেমেণ্ট’ছ'ত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল।
উল্লেখ্য যে, ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়েজন কৰে। সুকলমে সেই অনুষ্ঠান সম্পন্ন হয়। এই অভ্যৰ্থনা অনুষ্ঠানত মেগাষ্টাৰ চিৰঞ্জীৱী, নাগাৰ্জুন আক্কিনেনী, ৰাম চৰণ, আল্লু অৰ্জুন, ৰবি তেজা, মহেশ বাবুৰ পত্নী নম্ৰতা শিৰোদকাৰ আৰু ৰাধিকা শৰৎকুমাৰৰ দৰে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেওঁলোকৰ উপৰিও আন কেইবাজনো তাৰকাই এই বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱদম্পতীক আশীৰ্বাদ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-2026-03-05-13-41-04.jpeg)
ইপিনে বুধবাৰৰ দিনটোত বিজয়-ৰশ্মিকাই হায়দৰাবাদৰ জুবিলী হিলছত থকা তিৰুমালা তিৰুপতি দেৱস্থানম মন্দিৰ দৰ্শন কৰে । মন্দিৰত থকাৰ সময়ত দম্পতীটোৱে বাহিৰত জমা হোৱা অনুৰাগী আৰু ৰাইজৰ মাজত মিঠাইও বিতৰণ কৰে।এই সকলোবোৰৰ পাছত নৱবিবাহিত দম্পতীহালক যেতিয়া পাপাৰাজ্জীৰ প্ৰশ্ন উত্থাপন কৰে তেওঁলোকৰ বিবাহৰ সকলো কাৰ্যসূচীৰ ওপৰত। তাৰ পাছত বিজয় দেৱৰাকোণ্ডাই কয় যে- " প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ। ইমান মৰম দিয়াৰ বাবে। পিছে এই সকলোবোৰ অনুষ্ঠানত থাকি বগৰুৱা হৈ পৰিছে। সেয়া ক’ৰবাত আণ্ডাৰগ্ৰাউণ্ড হৈ যাব বিচাৰো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us