তিতাবৰৰ ৰজাবাহৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিতাবৰৰ ৰজাবাহৰতো ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। কৃষ্ণ বন্দনাত মুখৰ হ'ব ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক প্ৰেক্ষাগৃহ।

author-image
Asomiya Pratidin
New Update
sdfdfdfdfdf
ডিজিটেল সংবাদ, তিতাবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে তিতাবৰৰ ৰজাবাহৰতো ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। কৃষ্ণ বন্দনাত মুখৰ হ'ব ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক প্ৰেক্ষাগৃহ। এইবাৰ পূৰ্বতকৈ কিছু ব্যতিক্ৰম, আকৰ্ষণীয় আৰু নতুন পৰিকল্পনাৰে ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰূপালীম সাংস্কৃতিক সন্থা আৰু উদযাপন সমিতিয়ে। ৰাস চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত অঞ্চলটোৰ ৰাইজ। চৌপাশত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ।
ইফাল, কেইবাদিনীয়া আখৰাৰ অন্তত ভৰ আখৰা সম্পন্ন কৰে কলা-কুশলী সকলে। সু-সজ্জিত মঞ্চত গোপীৰ নাচ, ভাওৰীয়াৰ বচন, কৃষ্ণ জন্ম, কংস বধৰ দৃশ্য আদিৰে অন্তিম আখৰা কৰে স্থানীয় কলা-কুশলীসকলে।‌ ৰাসক লৈ ৰাইজৰ অত্যন্ত হেঁপাহ আৰু আশাই আয়োজকসকলক উৎসাহিত কৰি তোলা বুলি জানিব পৰা গৈছে।‌
ৰাস পূৰ্ণিমা ৰাস