প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাৰ পত্নী ৰাণু শৰ্মাৰ মৃত্যু...

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পত্নী তথা সৰবৰহী মহিলা ৰাণু শৰ্মাৰ আজি পুৱা গুৱাহাটীৰ বেলতলাৰ নিজা বাসগৃহত মৃত্যু হয়। কিছুদিন ধৰি শয্যাগত হৈ থকা সমাজ সেৱিকা গৰাকীৰ মৃত্যুৰ সময়ত বয়স

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল  সংবাদ,  বেবেজীয়া: ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পত্নী তথা সৰবৰহী মহিলা ৰাণু শৰ্মাৰ আজি পুৱা গুৱাহাটীৰ বেলতলাৰ নিজা বাসগৃহত মৃত্যু হয়। কিছুদিন ধৰি শয্যাগত হৈ থকা সমাজ সেৱিকা গৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ বছৰ। নগাঁও সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ মন্ত্ৰীসভাত শিক্ষা, ৰাজহ আদিৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা প্ৰয়াত মুকুট শৰ্মাৰ  পত্নীৰ মৃত্যুত  নগাঁও জিলাত শোকৰ ছাঁ পৰিছে।

সৰবৰহী মহিলা গৰাকীৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ কংগ্ৰেছ নেতা শান্তনু শৰ্মাকে ধৰি দুই পুত্ৰ, দুগৰাকী বোৱাৰী আৰু তিনিগৰাকী নাতিনীৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ গৈছে। আজি দুপৰীয়া নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব।

দৰং