/asomiyapratidin/media/media_files/2025/10/28/ikkkdd-2025-10-28-10-25-50.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে সংবাদমেলৰ মাজতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক আটক কৰিছিল দিছপুৰ আৰক্ষীয়ে। বীৰ লাচিত সেনাৰ নেতাগৰাকীক থানালৈ লৈ অহাৰ পাছতে নিশাৰ ভাগলৈ গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। আজি পানীফুকনক হাজিৰ কৰোৱা হ'ব চি জে এম আদালতত।
উল্লেখ কৰা প্ৰয়োজন যে, এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ ৫গৰাকীকৈ সদস্য। ইয়াৰ পাছতে এই বিষয়টোক লৈ স্পষ্টীকৰণ দিয়াৰ বাবে ৰন্টু পানীফুকনে গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰিছিল সংবাদমেলৰ। কিন্তু সংবাদমেলৰ মাজতেই আৰক্ষীয়ে উঠাই লৈ যায় নেতাজনক।
প্ৰাপ্ত তথ্য অনুসৰি, অপহৰণৰ সৈতে বীৰ লাচিত সেনা জড়িত থকাৰ বাবে সংগঠনটোৰ এগৰাকী মুৰব্বী হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে ৰন্টু পানীফুকনক। ইফালে সংগঠনটোৰ মুখ্য সচিবক গ্ৰেপ্তাৰ কৰাৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰশাসনিক সচিব শৃংখল চলিহা।
এই গ্ৰেপ্তাৰ কোনো প্ৰকাৰেই মানি লোৱা নহ'ব বুলি কৈ ৰোগীয়া দেহাৰেই ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিলে শৃংখল চলিহাই। সমগ্ৰ অসমজুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিব বুলও সকিয়নী প্ৰদান কৰে শৃংখল চলিহাই।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us