শিৱসাগৰ জেইলৰ বাহিৰত বিকাশ অসম আৰু ৰন্টু পানীফুকন...

ভিন্ন অভিযোগত বিগত কেইবা মাহো ধৰি ৰঙাঘৰৰ আলহী হৈ আছে বীৰ লাচিত সেনাৰ বহুকেইগৰাকী নেতা-কৰ্মী। এইসকলৰ শীঘ্ৰেই মুক্তি দিবলৈ বীৰ লাচিত সেনাই আহ্বান জনাই আহিছে যদিও প্ৰশাসন তথা চৰকাৰে এই আহ্বানক সহাঁৰি জনোৱা নাই।

author-image
Asomiya Pratidin
New Update
rabsddd

ডিজিটেল সংবাদ, শিৱসাগৰঃ ভিন্ন অভিযোগত বিগত কেইবা মাহো ধৰি ৰঙাঘৰৰ আলহী হৈ আছে বীৰ লাচিত সেনাৰ বহুকেইগৰাকী নেতা-কৰ্মী। এইসকলৰ শীঘ্ৰেই মুক্তি দিবলৈ বীৰ লাচিত সেনাই আহ্বান জনাই আহিছে যদিও প্ৰশাসন তথা চৰকাৰে এই আহ্বানক সহাঁৰি জনোৱা নাই।

বৰ্তমান শিৱসাগৰ জেইলত বন্দী হৈ থকা বীৰ লাচিত সেনাৰ ৰন্টু পানীফুকন আৰু সংগঠনটোৰ পৰা বহিষ্কৃত নেতা বিকাশ অসমক সোমবাৰে প্ৰেৰণ কৰা হয় তিনিচুকীয়া থানালৈ। আৰক্ষীৰ এখন বিশেষ বাহনেৰে বীৰ লাচিত সেনাৰ এই ৭গৰাকী নেতা-কৰ্মীক প্ৰেৰণ কৰা হয় তিনিচুকীয়া থানালৈ। 

উল্লেখ কৰা প্ৰয়োজন যে, তিনিচুকীয়াত পঞ্জীয়ন হৈ থকা ধান দাবী, ভাবুকি প্ৰদান সম্পৰ্কীয় গোচৰত তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হ’ব এই সকলক। ইফালে শিৱসাগৰ জেইলৰ বাহিৰত বীৰ লাচিত সেনাৰ এই সকলক সাক্ষাত কৰিবলৈ ভিৰ লাগে পৰিয়াল আৰু শুভাকাংক্ষীৰ। 

মূৰত গামোচা বান্ধি জেইলৰ পৰা ওলাই অহা বিকাশ অসমে হাঁহি হাঁহি সকলোকে মাঘ বিহু আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। আনফালে ৰন্টু পানীফুকনে কয় যে, জেইলৰ ভিতৰত থাকিও বহুজনৰ অভাৱ-অভিযোগ বুজ ল'বলৈ চেষ্টা কৰিছো। বাকী অসমৰ ৰাইজ ভালে থাকক। 

বীৰ লাচিত সেনা