/asomiyapratidin/media/media_files/2025/11/02/fsdfsds-2025-11-02-19-03-20.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে ছবিখনক লৈ দ্বিতীয় দিনাও ধেমাজিত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হয় ৷ সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে আলোড়নৰ সৃষ্টি কৰি শিল্পী গৰাকীৰ সপোনৰ ছবিখনে লাভ কৰিছে অভূতপূৰ্ব সফলতা। ছবিখন চাবলৈ আহিল সাধাৰণ জনতাৰ লগতে কেইবাজনো ৰাজনৈতিক নেতা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-2025-11-02-19-03-38.jpeg)
শনিবাৰে ধেমাজিতো ধেমাজি স্থানীয় বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে নিশা ১২ বজাৰ পৰা ২.৩০ বজালৈ
মাজনিশালৈকে ধেমাজিৰ আৰ.আৰ চিনেমাহ'লৰ অষ্টম দৰ্শনী ছবিখন উপভোগ কৰে ৷ দৰ্শনীৰ আগে মন্ত্ৰীগৰাকীয়ে
শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/02/whatsapp-image-2025-11-02-19-03-52.jpeg)
ছবিখন চোৱাৰ আগমূহূৰ্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত শিল্পী গৰাকীৰ মৃত্যুৰ তদন্তৰ সম্পৰ্কত তেওঁ সঠিকভাৱে তদন্ত হৈ আছে বুলি জানিবলৈ দি অসম আৰক্ষীৰ প্ৰতি দৃঢ় বিশ্বাস আছে আৰু ঘটনাস্থলীত ছিংগাপুৰৰ আৰক্ষীয়েও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলিও উল্লেখ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us