/asomiyapratidin/media/media_files/2025/09/02/football-2025-09-02-10-47-59.jpeg)
ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে ১৭ বছৰ অনুৰ্ধৰ সুব্ৰত কাপ জয় কৰা গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলটোক আজি সাক্ষাৎ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। পুৱাই তেওঁ বেতকুছি হাইস্কুললৈ গৈ চেম্পিয়ন দলটোক সম্বৰ্ধনাও জনায়। ইয়াতেই তেওঁ ঘোষণা কৰে অহা বছৰৰ পৰা ফুটবলক পাঠ্যক্ৰমত ঐচ্ছিক বিষয় হিচাপে অন্তুৰ্ভুক্তি কৰাৰ কথা।
বেতকুছি হাইস্কুললৈ গৈ চেম্পিয়ন দলটোক শুভেচ্ছা জনোৱাৰ কথা উল্লেখ কৰি তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে- গুৱাহাটীৰ বেতকুছি হাইস্কুলে ৬৪সংখ্যক ১৭ অনূৰ্ধ্ব আন্তৰ্জাতিক সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দখল কৰিছে। আজি হাইস্কুলখনত উপস্থিত হৈ অসমবাসীক গৌৰৱান্বিত কৰা হাইস্কুলখনৰ ছাত্ৰী দলটোক আৰু প্ৰশিক্ষক শ্ৰীমতী পল্লৱিতা বৰা আৰু শ্ৰীমনোজ শৰ্মা তথা প্ৰবন্ধক শ্ৰীকাৰ্তিক বড়োক অভিনন্দন জনাই সম্বৰ্ধনা জ্ঞাপন কৰোঁ।
চেম্পিয়ন দলটোত আছিল- শ্ৰীমুছকান দৰ্জী (অধিনায়িকা), শ্ৰীফুৰচাং লামা, শ্ৰীঅঞ্জলি ব্ৰহ্ম, শ্ৰীনিশা বড়ো, শ্ৰীমীনাক্ষি ভূঞা, শ্ৰীঅসীমা তাঁতী, শ্ৰীডিভিয়া তাঁতী, শ্ৰীপ্ৰাঞ্চলিকা গগৈ, শ্ৰীমিলিনা ব্ৰহ্ম, শ্ৰীমাৰী মেচ, শ্ৰীচয়াশ্ৰী চাংমা, শ্ৰীসোমাইনা বসুমতাৰী, শ্ৰীঅঞ্জু প্ৰধান, শ্ৰীৰংগিনা ব্ৰহ্ম, শ্ৰীছোনিয়া তামাং আৰু শ্ৰীফাৰ্জনা মুছাহাৰী।
অসমৰ বহুকেইখন বিদ্যালয়ে বিদ্যায়তনিক দিশৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। এনেক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ফুটবলক আমি ঐচ্ছিক বিষয় ৰূপে অন্তৰ্ভুক্ত কৰিম।
স্মৰ্তব্য বেতকুছি হাইস্কুলে নতুন দিল্লীৰ ড° আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সুব্ৰত কাপৰ ফাইনেল মেচখনত পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ নন্দঝাৰ আদিবাসী তপশিলি হাইস্কুলক ৩-১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ জয় কৰিছিল। মেচখনত বেতকুছিৰ হৈ খেলৰ ১২ মিনিটত ছায়শ্রী চাংমায়ে, মিলিনা ব্ৰহ্মই ২৪ মিনিটত আৰু মেৰি মেচে ২৯ মিনিটত গ’ল দিবলৈ সক্ষম হৈছিল।
মন কৰিবলগীয়া যে, ছোৱালীৰ সুব্রত কাপত অসমে এইবাৰেই প্ৰথমবাৰৰ বাবে খিতাপ লাভ কৰিছে। অৱশ্যে ইয়াৰ পূৰ্বে ল’ৰাৰ সুব্ৰত কাপত অসমে দুবাৰ খিতাপ জয় কৰিছে। ১৯৮৬ চনত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু ১৯৯২ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ হাইস্কুলে এই প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
Visited Betkuchi High School, Guwahati, to felicitate the young champions of the 𝟔𝟒𝐭𝐡 𝐒𝐮𝐛𝐫𝐨𝐭𝐨 𝐂𝐮𝐩 (𝐔-𝟏𝟕). Their victory showcases excellence in both sports and academics.
— Ranoj Pegu (@ranojpeguassam) September 2, 2025
Heartiest congratulations! 🏆⚽ We will also explore introducing football as an elective to… pic.twitter.com/8mEujvBvnp