/asomiyapratidin/media/media_files/2025/12/05/2-2025-12-05-12-54-47.jpg)
ডিজিটেল ডেস্কঃ যোৱা ৩০ নৱেম্বৰ, ২০২৫ তাৰিখে অসম মন্ত্ৰীসভাত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে জনতা ভৱনত জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসম (CCTOA)ৰ সৈতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ ওপৰত আলোচনাত মিলিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু। আলোচনাত মন্ত্ৰীগোটে দিয়া অনুমোদনৰ লগতে ইতিমধ্যে তালিকাভুক্ত অনুসূচিত জনজাতিৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰস্তাৱ কৰা ব্যৱস্থা সন্দৰ্ভতো আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/05/whatsapp-image-2025-12-05-12-50-31.jpeg)
উল্লেখ্য যে,প্ৰতিবেদনৰ পঞ্চম আৰু ষষ্ঠ দুয়োটা অধ্যায় পৃথকে পৃথকে পঢ়াৰ সলনি সমন্বিত ৰূপত পঢ়িবলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমক অনুৰোধ জনোৱা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/05/whatsapp-2025-12-05-12-51-05.jpeg)
তাৰোপৰি, জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমে নিজাববীয়াকৈ এক বিশেষজ্ঞ গোট গঠন কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে বৈঠকত অৱগত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/05/whatsapp-2025-12-05-12-51-30.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us