/asomiyapratidin/media/media_files/2026/01/05/1-2026-01-05-18-22-34.jpg)
ডিজিটেল ডেস্কঃ কাৰ্বি জনগোষ্ঠীয় লোকসকলৰ অন্যতম পৰম্পৰাগত উৎসৱ ৰংকেৰ কাৰক্লি। শীতকালত পালন কৰা কাৰ্বি জনগোষ্ঠীৰ এই মুখ্য পৰম্পৰাগত ধৰ্মীয় উৎসৱটিৰ মূল উদ্দেশ্য হৈছে শস্যৰ সমৃদ্ধি আৰু গাঁৱৰ ৰাইজৰ কল্যাণৰ বাবে স্থানীয় দেৱ-দেৱীসকলক সন্তুষ্ট কৰা আৰু অমংগল আঁতৰ কৰা৷
/asomiyapratidin/media/post_attachments/49ccaca5-af1.png)
উল্লেখ্য যে, প্ৰতি বছৰে জানুৱাৰী মাহৰ ৫ তাৰিখে কাৰ্বি জনগোষ্ঠীয় লোক সকলে উলহ মালহেৰে উদযাপন কৰে এই "ৰংকেৰ পূজা"। বিগত বৰ্ষৰ দৰেই এইবাৰো পাহাৰীয়া জিলা দুখনৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে "ৰংকেৰ পূজা"ৰ উলহ মালহ। প্ৰতিখন গাঁৱৰ লোকসকলে একলগ হৈ অনুষ্ঠিত কৰিছে "ৰংকেৰ কাৰক্লি" অৰ্থাৎ ৰংকেৰ পূজা। ৰাংকৰ কাৰক্লি মূলত এখন গাঁৱৰ বা এটা অঞ্চলৰ সামূহিক মংগলৰ বাবে কৰা উপাসনা। ইয়াৰ উদ্দেশ্যসমূহ হ'ল গাঁৱৰ পৰা অপায়-অমঙ্গল আৰু মহামাৰী দূৰ কৰা। লগতে খেতি-বাতিৰ উৎপাদন বৃদ্ধি কৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পোৱা। আনপিনে ১২ গৰাকী পৰম্পৰাগত দেৱ-দেৱীক সন্তুষ্ট কৰি আশীৰ্বাদ গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/9961c254-d7b.png)
ইপিনে কুকুৰা, ছাগলী, গাহৰি আদি বলি দি দ'ৱানত পূজা অৰ্চনা কৰে। তাৰ পাছতে পূজাত বলি দিয়া কুকুৰা, ছাগলী, গাহৰি আদিৰে ভোজ-ভাত বনাই সকলোয়ে একেলগে এসাঁজ খায়।
/asomiyapratidin/media/post_attachments/caef82ce-aa0.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us