/asomiyapratidin/media/media_files/2025/10/08/dxfjhkjjok-2025-10-08-16-51-53.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ গৌৰীপুৰত মহিলা উদ্যমিতা আঁচনিৰ পুঁজিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ধুবুৰী জিলাৰ গৌৰীপুৰ চহৰৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত গৌৰীপুৰ বিধান সভা সমষ্টি ভিক্তিত মুঠ ১০,৯৬৬ গৰাকী আত্ম সহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে অসম চৰকাৰৰ গ্ৰাম্য আৰু পঞ্চায়ত মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে।
অসম চৰকাৰে মহিলা সকলোক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অৰাম্ভ কৰা মহিলা উদ্যমিতা আঁচনি চেক প্ৰদান কৰা অনুষ্ঠান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত উপস্থিত থাকে গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজাণুৰ ৰহমান,পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক সামছুল হুদা,KACৰ মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়ৰ লগতে বহু গণ্য মান্য ব্যক্তি সকল।