/asomiyapratidin/media/media_files/2025/09/08/ranjit-2025-09-08-20-45-19.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে। বাক্সা জিলাৰ তত্বাৱধায়ক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও তৎপৰতাৰে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।
২৩ নং দিহিৰা পৰিষদীয় সমষ্টি নিজৰ দখললৈ আনিবলৈ বদ্ধপৰিকৰ গেৰুৱা বাহিনী। সোমবাৰে দিহিৰা সমষ্টিৰ অন্তৰ্গত থমনাত নিৰ্বাচনী কাৰ্যালয় মুকলি আৰু থমনা ৰাস মহোৎসৱ উদযাপন স্থলীত ৰাইজৰ সৈতে বৈঠক অনুষ্ঠিত কৰে মন্ত্ৰীগৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে বিটিচিত বিজেপিয়ে ১৮ খন আসন লাভ কৰিব বুলি উল্লেখ কৰে। এই ১৮খন আসনৰ ভিতৰত দিহিৰাত মানস প্ৰতীম কলিতা জয়ী হ'ব বুলি মন্তব্য কৰে ৰণজিৎ দাসে। লগতে তেওঁ দিহিৰা সমষ্টিৰ ৰাইজক মানস প্ৰতীম কলিতাক অধিক ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/08/capturefrft5yjukip-2025-09-08-20-43-24.jpg)
ইপালে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে লগতে বিজেপিৰ বিতৰ্কিত প্ৰাৰ্থী ৰমেন মদাহি সন্দৰ্ভত কয় যে, ৰমেন মদাহি অভিযোগত অভিযুক্তহে, দণ্ডিত নহয় । কিন্তু ক'কলাবাৰীত ৰাইজে তেওঁক আকোঁৱালি লৈছে। সোমবাৰে মন্ত্ৰীগৰাকীৰ সৈতে দিহিৰা সমষ্টিৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতা আৰু বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে একেলগে ফিটা কাটি কাৰ্যালয় শুভ উদ্বোধন কৰে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us