অসম গ্ৰন্থমেলাত উন্মোচন 'ফিল্ড মার্শ্বেলৰ জীয়েক, গুৰুবচন সিং আৰু অন্যান্য'...

অসম গ্রন্থমেলাত ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ গ্ৰন্থ 'ফিল্ড মার্শ্বেলৰ জীয়েক, গুৰুবচন সিং আৰু অন্যান্য' উন্মোচন অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত

author-image
Asomiya Pratidin
New Update
nagsgs

ডিজিটেল ডেস্কঃ  অসম গ্রন্থমেলাত ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ গ্ৰন্থ 'ফিল্ড মার্শ্বেলৰ জীয়েক, গুৰুবচন সিং আৰু অন্যান্য' উন্মোচন অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত আয়োজিত 'অসম গ্রন্থমেলা'ত যোৱা ২৯ ডিচেম্বৰত লেখক ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ গ্ৰন্থ 'ফিল্ড মার্শ্বেলৰ জীয়েক, গুৰুবচন সিং আৰু অন্যান্য'ৰ উন্মোচন কৰা হয়।

গ্রন্থমেলাৰ প্রফুল্ল গোবিন্দ বৰুৱা প্রেক্ষাগৃহত অনুষ্ঠিত উন্মোচনী সভাত লেফটেনেন্ট জেনেৰেল প্রণৱ ভড়ালী (অৱসৰপ্ৰাপ্ত), ডঃ অমৰজ্যোতি চৌধুৰী, ডঃ অঞ্জনজ্যোতি চৌধুৰী, মণিকূট প্রকাশনৰ মৃণাল কুমাৰ মিশ্র প্রমুখ্যে এক বুজনসংখ্যক গ্রন্থপ্রেমী আৰু গুণমুগ্ধ উপস্থিত থাকে।

উন্মোচনী ভাষণত লেফটেনেন্ট জেনেৰেল প্রণৱ ভড়ালীয়ে উক্ত গ্রন্থ সম্পর্কে এক সূক্ষ্ম বিশ্লেষণ আগবঢ়াই অসমীয়া ভাষাৰ প্রতি থকা লেখকৰ দায়বদ্ধতাক ভূয়সী প্রশংসা কৰে। ডঃ অমৰজ্যোতি চৌধুৰীয়ে গ্ৰন্থখনত সন্নিবিষ্ট চৰিত্ৰসমূহৰ এক চমু বিশ্লেষণেৰে উপস্থিত গ্রন্থপ্রেমীক গ্ৰন্থখনৰ প্ৰতি আগ্ৰহী কৰি তোলে।

ডঃ অঞ্জনজ্যোতি চৌধুৰীৰ সৰস ভাষণ আৰু কর্ণেল দিব্য শংকৰ ভট্টাচাৰ্যৰ সু-সঞ্চালনেৰে উন্মোচনী অনুষ্ঠানটিত সমজুৱাৰ তৰফৰপৰা কেইবাগৰাকীও সচেতন পাঠকে নিজৰ মন্তব্য আগবঢ়ায়। লেখক ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে নিজা ব্যক্তব্যত গ্রন্থখন ৰচনাৰ আঁৰত থকা ব্যক্তিসকলৰ প্রতি কৃতজ্ঞতা প্রকাশৰ কৰাৰ লগতে নিজৰ স্বভাৱজাত বিনয়েৰে কয় যে 'এইখন মোৰ কিতাপ নহয়, এইখন সকলোৰে কিতাপ'।

ববী বর্ণালী গগৈয়ে আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে। মণিকূট প্রকাশনে প্রকাশ কৰি উলিওৱা 'ফিল্ড মাৰঞ্জশ্বেলৰ জীয়েক, গুৰুবচন সিং আৰু অন্যান্য' গ্রন্থখন গ্রন্থমেলাৰ মণিকূট প্রকাশনৰ বিপণীত উপলব্ধ হৈছে।

গুৱাহাটী