অপ্ৰতিৰোধ্য কে এল ৰাহুল - স্মৰণ ৰবিচন্দ্ৰণৰ শতকেৰে কৰ্ণাটকৰ ৰানৰ পাহাৰ

১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে কৰ্ণাটক আৰু উত্তৰাখণ্ডৰ মাজত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল। এই ছেমি ফাইনেলত চমক সৃষ্টি কৰি ৰানৰ পাহাৰ গঢ়ি তুলিছে কৰ্ণাটকে। দলটোৱে প্ৰথম ইনিংছত থিয় কৰাই ৭৩৬ ৰানৰ বিশাল স্ক’ৰ।

author-image
Asomiya Pratidin
New Update
147

ডিজিটেল ডেস্ক : বিশ্বকাপৰ সমান্তৰালকৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীয়ে। সম্প্ৰতি দেশৰ ভিন্ন প্ৰান্তত চলি আছে ৰঞ্জী ট্ৰফীৰ মেচসমূহ। 

১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে কৰ্ণাটক আৰু উত্তৰাখণ্ডৰ মাজত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল। এই ছেমি ফাইনেলত চমক সৃষ্টি কৰি ৰানৰ পাহাৰ গঢ়ি তুলিছে কৰ্ণাটকে। দলটোৱে প্ৰথম ইনিংছত থিয় কৰাই ৭৩৬ ৰানৰ বিশাল স্ক’ৰ।

এই ৰানৰ মূলতে অ’পেনিং বেটাৰ কে এল ৰাহুলৰ অনবদ্য শতক আৰু দেৱদত্ত পাডিকলৰ দ্বি- শতক। একেদৰে স্মৰণ ৰবিচন্দ্ৰণে কৰে ১৩৫ ৰান। উল্লেখযোগ্য যে, মায়ংক আগৰৱালে মাত্ৰ ৫ ৰান কৰি বিদায় লোৱাৰ পাছতে অতি ধৈৰ্য আৰু ৰক্ষণাত্মকভাৱে বেটিং কৰি ৰাহুলে ১৪১ ৰানৰ বৰঙণি যোগায়। 

৩জনৰ বেটত শতক, সমসংখ্যকে কৰিলে অৰ্ধশতক

অধিনায়ক দেৱদত্ত পাডিকলৰে যুঁটি বান্ধি দলৰ ভেঁটি নিৰ্মাণ কৰে কে এল ৰাহুলে। ইয়াৰ পাছতে কৰুণ নায়াৰে ৬০ ৰান, উইকেটকীপাৰ কাৰ্তিক ৬০ আৰু শেষৰ ফালে বিদ্যাধৰ পাটিলে কৰে ৫৪ ৰান। কাৰ্যতঃ কৰ্ণাটকৰ ৩জন বেটাৰে দ্বিশতকসহ ৩টা শতক আৰু ৩টা অৰ্ধশতকেৰে দলীয় স্ক’ৰ ৭৩৬ লৈ বৃদ্ধি কৰে। 

ইফালে প্ৰতিপক্ষ উত্তৰাখণ্ডে প্ৰথম ইনিংছত কৰে ২৩৩ ৰান। দিনান্তত কৰ্ণাটকে পুনৰ বেটিং কৰি দ্বিতীয় ইনিংছত ৬টা উইকেট হেৰুৱাই ২৯৯ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছতো উজলি উঠে স্মৰণ ৰবিচন্দ্ৰণ। তেওঁ ১২৭ ৰানৰ বৰঙণি যোগাই আৰু কে এল ৰাহুলে ৭০ ৰানত বেটিং কৰি থকা অৱস্থাত কৰ্ণাটকে ৮০২ ৰানত আগবাঢ়ি আছে।

কে এল ৰাহুল