ঘৰুৱা ক্ৰিকেটত ব্যৰ্থ টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীল

বগা বলত পাৰদৰ্শিতা অৱ্যাহত থাকিলেও ৰঙা বলত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীল। দুৰ্বল ফৰ্মৰ বাবে ব’ৰ্ডে তেওঁক দিছিল ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ ...

author-image
Asomiya Pratidin
New Update
693

ডিজিটেল ডেস্ক : বগা বলত পাৰদৰ্শিতা অৱ্যাহত থাকিলেও ৰঙা বলত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীল। দুৰ্বল ফৰ্মৰ বাবে ব’ৰ্ডে তেওঁক দিছিল ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ। 

সেই অনুসৰি শেহতীয়াকৈ গীলে সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অনুষ্ঠিত মেচত পঞ্জাৱক প্ৰতিনিধিত্ব কৰে। কাৰ্যতঃ ঘৰুৱা ক্ৰিকেটতো ব্যৰ্থ হয় তেওঁ। সৌৰাষ্ট্ৰৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত গীলে প্ৰথম ইনিংছত কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। 

একেদৰে দ্বিতীয় ইনিংছতো মাত্ৰ ১৪ৰান কৰি বিদায় মাগে গীলে। ফলত মেচৰ দুটা দিনতে সৌৰাষ্ট্ৰৰ হাতত পৰাস্ত হয় পঞ্জাৱ।

ইফালে জাতীয় দলৰ পৰা উপেক্ষিত হৈ থকা মুম্বাইৰ ছৰফৰাজ খানে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ এখন মেচত হায়দৰাবাদৰ বিৰুদ্ধে অৰ্জন কৰে দ্বিশতক। মুম্বাইক প্ৰতিনিধিত্ব কৰি ছৰফৰাজে ২২৭ৰানৰ দৰ্শনীয় ইনিংছ খেলি অজিত আগাৰকাৰ নেতৃত্বাধীন নিৰ্বাচক মণ্ডলী লৈ প্ৰেৰণ কৰে বাৰ্তা।

ৰঞ্জী ট্ৰফী