/asomiyapratidin/media/media_files/2025/02/11/OW9HNgBcux4y10Uj00XE.jpg)
Saurashtra vs gujrat
ডিজিটেল ডেস্ক : ৰঞ্জী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে গুজৰাটে। বিপৰীতে বিপদৰ সন্মুখীন হৈছে প্ৰতিপক্ষ সৌৰাষ্ট্ৰ। হয়তো ইয়াতে অন্ত পৰিব সৌৰাষ্ট্ৰৰ অশ্বমেধ ! ঘৰৰ মাটিত খেলা সুযোগৰ সদ্ব্যৱহাৰত ব্যৰ্থ হৈছে জয়দেৱ উনাডকড় নেতৃত্বাধীন সৌৰাষ্ট্ৰ।
উল্লেখযোগ্য যে পোনতে বেট ধৰি ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত কৰিছিল মাত্ৰ ২১৬ ৰান। দলৰ হৈ চিৰাগ জনীয়ে সৰ্বাধিক ৬৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাকী সকল বেটাৰ বৰ বিশেষ সফল হ’ব নোৱাৰিলে।
গুজৰাটৰ নিয়ন্ত্ৰিত আৰু আক্ৰমণাত্মক বলিঙৰ সন্মুখত দিশহাৰা হৈ পৰে সৌৰাষ্ট্ৰ। ব্যৰ্থ হয় নিৰ্ভৰযোগ্য বেটছমেন চেতেশ্বৰ পূজাৰাও। দলৰ এই বিপৰ্যয়ৰ সময়ত তেওঁৰ অৱদান মাত্ৰ ২৬ ৰান।
ইফালে গুজৰাটে প্ৰথম ইনিংছতে গঢ়ি তোলে ৰানৰ পাহাৰ। জয়মীত পেটেল (১০৩) আৰু উৰ্বিল পেটেল (১৪০)ৰ দৰ্শনীয় শতকৰ সহায়ত গুজৰাটে বিশাল স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়। তাৰোপৰি সৌৰাষ্ট্ৰৰ দুৰ্বল বলিঙৰ সুযোগ লৈ মানন হিংৰাজিয়া ৮৩ আৰু ৰবি বিষ্ণই কৰে ৪৫ৰান। তেওঁলোকৰ এই আগ্ৰাসী বেটিঙৰ সহায়ত গুজৰাটে সংগ্ৰহ কৰে ৫১১ ৰান।
আনহাতে দ্বিতীয় ইনিংছতো ব্যৰ্থতা অৱ্যাহত আছে ঘৰুৱা দল সৌৰাষ্ট্ৰ। বাতৰি লিখা পৰলৈকে সৌৰাষ্ট্ৰ দলীয় স্ক’ৰ ৮ উইকেটৰ বিনিময়ত ১৬৬ ৰান।