/asomiyapratidin/media/media_files/2026/03/05/237-2026-03-05-18-37-25.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি জম্মু-কাশ্মীৰ দলে ৰঞ্জী ট্ৰফীত এক স্মৰণীয় আৰু ঐতিহাসিক জয় সাব্যস্ত কৰিছে। এই বিৰল সাফল্যৰ পিছতে দলটোৰ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিৰ বৰ্তমানৰ অধ্যক্ষ জয় শ্বাহক সাক্ষাৎ কৰে। একেদৰে দলটোৰ আটাইকেগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰে শ্বাহে।
উল্লেখ কৰা প্ৰয়োজন যে, বিচিচিআইৰ প্ৰাক্তন সম্পাদক হিচাপে জয় শ্বাহৰ কাৰ্যকালত জম্মু-কাশ্মীৰৰ ক্ৰিকেট আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা ভূমিকাৰ বাবে খেলুৱৈসকলে তেওঁক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। জয় শ্বাহে খেলুৱৈসকলৰ সৈতে মত- বিনিময় কৰাৰ লগতে এই ঐতিহাসিক সফলতাৰ বাবে তেওঁলোকক অভিনন্দন জনায় আৰু ভৱিষ্যতে অধিক উন্নত প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us