'ৰাকু ভাই' হিচাপে পৰিচিত ৰঞ্জন বৈশ্যৰ বিয়োগঃ নলবাৰীত শোক...

'ৰাকু ভাই' হিচাপে পৰিচিত অভিনেতা ৰঞ্জন বৈশ্যৰ বিয়োগ। জনপ্ৰিয় ইউটিউব চেনেল 'ব্লেক এণ্ড হোৱাইট'ৰ জৰিয়তে 'ৰাকু ভাই' হিচাপে পৰিচিত হৈ পৰিছিল ৰঞ্জন বৈশ্য।

author-image
Tushar Pratim
New Update
'ৰাকু ভাই' হিচাপে পৰিচিত ৰঞ্জন বৈশ্যৰ বিয়োগঃ নলবাৰীত শোক...

ডিজিটেল ডেস্কঃ 'ৰাকু ভাই' হিচাপে পৰিচিত অভিনেতা ৰঞ্জন বৈশ্যৰ বিয়োগ। জনপ্ৰিয় ইউটিউব চেনেল 'ব্লেক এণ্ড হোৱাইট'ৰ জৰিয়তে 'ৰাকু ভাই' হিচাপে পৰিচিত হৈ পৰিছিল ৰঞ্জন বৈশ্য।

উল্লেখ্য যে, প্ৰতিভাশালী যুৱক ৰঞ্জন বৈশ্য উত্তৰ নলবাৰী মণ্ডলৰ ১নং ধমধমা চটাইবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত মহিনা গাঁৱৰ বাসিন্দা আছিল। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

তাৰোপৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে ৰঞ্জন বৈশ্যৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে, নিজা ইউটিউব চেনেলৰ জৰিয়তে হাস্যৰসিক কনটেণ্টেৰ জৰিয়তে হাঁহিৰ খোৰাক দি অহা ৰঞ্জন বৈশ্য দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। লিভাৰৰ ৰোগত আক্ৰান্ত হোৱা ৰঞ্জন বৈশ্যক মাতৃয়ে লিভাৰৰ অংশ দান দিছিল যদিও তেওঁ সুস্থ হৈ নুঠিল। 

তেওঁৰ মৃত্যুত সামাজিক মাধ্যমতো বিভিন্নজনে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

ইউটিউবাৰ জয়ন্ত মল্ল বৰুৱা