/asomiyapratidin/media/media_files/2026/01/13/web-4-2026-01-13-18-00-06.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ চৰকাৰে গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাট উন্নয়নৰ বাবে বছৰি কোটি কোটি টকা আৱণ্টন দি আহিছে যদিও একাংশ ঠিকাদাৰ, অভিযন্তাৰ দুৰ্নীতিৰ বাবে পথৰ নামত ব্যয় কৰিব লগা ধনৰ সঠিক ব্যৱহাৰ নোহোৱাৰ অভিযোগ উত্থাপন হোৱাই নহয়, ঠিকাদাৰে ৰাস্তা নিৰ্মাণ কৰি আৱণ্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে।
এনে ঘটনাৰেই যেন ৰাজ্যৰ গ্ৰামাঞ্চলৰ বহু ৰাস্তা-ঘাটৰ কাম বৰ্তমানেও চলি আছে। এনে সময়তে পশ্চিম গুৱাহাটী টেৰিটৰিয়েল ৰোড ডিভিজনৰ পি ডব্লিউ আৰ ডিৰ দ্বাৰা ৰাণীৰ ভোলাগাঁও গাঁৱৰ পথৰ পৰা মিৰ্জা চানডুবি পথ সংলগ্ন ভোলাগাঁৱৰ তেল ডিপোৰ সন্মুখলৈ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ২০২২-২৩ বৰ্ষৰ বাবে এই ভোলাগাঁও পথৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিত শুভ উদ্বোধন কৰিছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
তেওঁ এই পথচোৱা উদ্বোধন কৰি এই পথছোৱাৰ কাম ভাল হ'ব বুলি কৈছিল। বহুদিনৰ মূৰত ভোলাগাঁওৰ ৰাইজে এটি মসৃণ পথেৰে যাতায়াত কৰিবলৈ সুবিধা পাব। এই ভাষণ দিয়াত সমবেত লোকে হাত তালিৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সমৰ্থন কৰিছিল। লগতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই সঁহাৰি পাই এই পথত ঠিকাদাৰে কোনো দুৰ্নীতি কৰিলে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। কিন্তু কথাবোৰ বিশেষ কামত নাহিল।
বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেইদিন ধৰি ভোলাগাঁওত উপস্থিত নহ’ল।পথচোৱা ভালদৰে নিৰ্মাণ হ’লনে নাই খবৰকে নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিয়নো পশ্চিম গুৱাহাটী টেৰিটৰিয়েল ৰোড ডিভিজনৰ পি ডব্লিউ আৰ ডিৰ দ্বাৰা নিৰ্মাণ কৰা এই পথচোৱাৰ দৈৰ্ঘ্য আছিল ১.৩৫৫ কিঃমিঃ। এই পথছোৱাৰ বাবে অনুমোদিত ধনৰাশি আছিল ১১৯.৪৭ লাখ টকা।এই কাম আৰম্ভ কৰা হৈছিল ০৮/০৫/২০২৩ তাৰিখত। এই পথৰ কামত নিয়োজিত হৈছিল ঠিকাদাৰ তিলক চন্দ্ৰ দাস।
কিন্তু ঠিকাদাৰে এই পথৰ কামত দুৰ্নীতি সংঘটিত কৰি ইতিমধ্যে কাম চলাই যোৱাত সচেতন লোকে ক্ষোভ প্ৰকাশ কৰে।ইতিমধ্যেই এই পথছোৱা ঠায়ে ঠায়ে জহি খহি যোৱাই নহয়, কেইবাবাৰো ৰাইজে অভিযোগ দিয়াত ব্লক ইটাৰে নিৰ্মাণ কৰা এই পথটিৰ কাম পুনৰ কৰিবলৈ লৈছিল। ফলকত পথৰ কামৰ আৰম্ভ কৰা এই তাৰিখ আছে যদিও এই কামৰ শেষ কৰাৰ ফলকত আজিও নিৰ্দেশনা ৰহস্যজনকভাৱে দিয়া নাই।
আনকি ঠিকাদাৰে এই পথটিৰ ঠায়ে ঠায়ে বিপদজনক অৱস্থা কৰি থৈ যোৱা তথা দুয়োফাল মাটি নিদিয়াৰ ফলত প্ৰকাণ্ড গাঁতৰো সৃষ্টি হৈছে। এই পথটি ঠায়ে ঠায়ে ফাটি যোৱাৰ উপৰি, কোনো সুচাৰুৰূপে পথৰ কাম সমাপন নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। মাটিৰ বস্তা, শিল, বালি আদিৰে এই পথচোৱাৰ বিসংগতি কৰি কাম কৰি যোৱাত ঠিকাদাৰক ৰাইজে উভতি ধৰিছিল।
তেনেক্ষেত্ৰত মাজতে কেইবাগাড়ী মাটি-বালি পেলাই ঠিকাদাৰে কামৰ সমাপন কৰি উধাও হয়। এনে ঘটনাত স্থানীয় লোক, পথচাৰীয়ে বিপাঙত পৰিছে। ঠিকাদাৰ তিলক চন্দ্ৰ দাসে কাৰ্যবাহী অভিযন্ত্ৰাৰ দ্বাৰা অভিযোগ পোৱাত ঠিকাদাৰ গৰাকীয়ে ভোলাগাঁৱৰ আইনুল আলীক এই পথত মাটি পেলাই দিব দিছিল যদিও তেৱো কেইবা গাড়ী মাটি পেলাই দায়িত্ব সামৰে।
মুঠতে ঠিকাদাৰ তিলক চন্দ্ৰ দাসে নিজৰ মইমতালিৰে কোটি টকীয়া পথৰ কাম চলাই যোৱাত ৰাইজে ক্ষোভিত হৈ পৰিছে। তেওঁলোকে কেৱল নিজৰ ধন বলৰে কাম কৰি যোৱাত ৰাইজে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক জনাইছিল যদিও কামত নাহিল। প্ৰশ্ন হয়-এনেদৰেই চলিছে নেকি ৰাজ্যৰ গ্ৰামাঞ্চলৰ ৰাস্তা-ঘাটৰ নিৰ্মাণকাৰ্য? নে এই ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে চৰকাৰী ধনৰ সঠিক ৰূপত ব্যৱহাৰ হ'ব?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us