বাংলাদেশত হিন্দু যুৱকক হত্যাৰ সমৰ্থনত পোষ্ট কৰি আৰক্ষীৰ জালত ৰঙিয়াৰ যুৱক

যুৱকজনে সামাজিক মাধ্যমত বাংলাদেশৰ হিন্দু হত্যাকাণ্ডক লৈ বিতৰ্কিত পোষ্ট কৰিছিল। ইপিনে এই কাণ্ডক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক কৰে যুৱকজনক। 

author-image
Asomiya Pratidin
New Update
new ap web 4 (15)

ডিজিটেল ডেস্কঃ বাংলাদেশৰ হিন্দু হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। তেনে সময়তে সামাজিক মাধ্যমত এজন যুৱকে কৰিছিল আপত্তিজনৰ পোষ্ট। যুৱকজনে সামাজিক মাধ্যমত বাংলাদেশৰ হিন্দু হত্যাকাণ্ডক লৈ বিতৰ্কিত পোষ্ট কৰিছিল। ইপিনে এই কাণ্ডক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক কৰে যুৱকজনক। 

WhatsApp Image 2025-12-23 at 10.56.24 AM

উল্লেখ্য যে, যুৱকজন ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ বাসিন্দা মহম্মদ শ্বেইখ আখতাৰ আলী বুলি জানিব পৰা গৈছে। এটা বিতৰ্কিত ভিডিঅ' “BOLLO CHAIWALA” নামেৰে এটা ইনষ্টাগ্ৰাম একাউন্টৰ পৰা পোষ্ট কৰিছিল। সেই ভিডিঅ'টো সামাজিক মাধ্যমত বহুলভাৱে শ্বেয়াৰ হোৱাত আটক কৰে যুৱকজনক। ভিডিঅ'টোত যুৱকজনে বাংলাদেশৰ হিন্দু হত্যাকাণ্ডৰ ঘটনাক প্ৰশংসা কৰা পৰিলক্ষিত হৈছিল। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

WhatsApp Image 2025-12-23 at 10.53.30 AM

ৰঙিয়া বাংলাদেশ