ৰঙিয়াত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উৎসৱ উদ্বোধন

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ উদ্দেশ্যে কামৰূপ জিলাৰ কেইবাটাও স্থানৰ লগতে ৰঙিয়া নগৰতো এক বিশেষ কাৰ্যক্ৰমৰ অনুষ্ঠিত হয়৷

author-image
Asomiya Pratidin
New Update
dfdfdrer

ডিজিটেল সংবাদ, ৰঙিয়াঃ নিঃস্বাৰ্থ ৰাষ্ট্ৰ প্ৰেম, স্বদেশ - স্বজাতি, স্বধৰ্ম - স্ব-সংস্কৃতি তথা ভাৰত মাতৃক উন্নতিৰ শিখৰলৈ আগবঢ়াই নি বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠিত কৰিবৰ বাবে ১৯২৫ চনৰ বিজয়া দশমীৰ দিনা ডাঃ কেশৱ বলিৰাম  হেডগেৱাৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নানা ঘাট প্ৰতিঘাটৰ মাজেৰে কণ্টকময় পথ অতিক্ৰম কৰি এইবেলি গৌৰব উজ্জ্বল শতবৰ্ষ সম্পূৰ্ণ কৰিলে৷

WhatsApp Image 2025-10-05 at 5.46.29 PM

সংঘৰ এই শতবৰ্ষৰ উদ্দেশ্যে কামৰূপ জিলাৰ কেইবাটাও স্থানৰ লগতে ৰঙিয়া নগৰতো এক বিশেষ কাৰ্যক্ৰমৰ অনুষ্ঠিত হয়৷

WhatsApp Image 2025-10-05 at 5.45.59 PM

 হিন্দী হাইস্কুল খেলপথাৰ পৰা চহৰৰ মাজমজিয়াৰে অনুষ্ঠিত হোৱা সংঘৰ এই শতবৰ্ষৰ অনুষ্ঠানত কেইবাগৰাকী স্বয়ংসেৱকে পথ সঞ্চলনেৰে সংঘৰ পূৰ্ণ গণবেশ পৰিধান কৰি বিভিন্ন প্ৰদৰ্শনী মূলক শাৰীৰিক কাৰ্যক্ৰমত অংশ লয় ৷ অনুস্থানত বৌদ্ধিক প্ৰদান কৰে ধৰ্ম জাগৰণ সমন্বয়ৰ প্ৰান্ত সংযোজক কুমুদ পাঠকে।

WhatsApp Image 2025-10-05 at 5.45.59 PM (1)

উল্লেখ্য যে, প্ৰান্ত সংযোজক গৰাকীয়ে সংঘৰ শতবাৰ্ষিকী উপলক্ষে অবিৰত যাত্ৰা সম্পৰ্কে গুৰু গম্ভীৰ ভাষণ আগবঢ়ায়। ৩৫০ৰো অধিক সংখ্যক স্থানীয় নাগৰিকে অংশ লয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অভিযন্তা ড° বিচিত্ৰ কলিতা,নগৰ সংঘচালক দিলীপ লহকৰ, প্ৰচাৰক পংকজ কলিতাকে ধৰি নগৰ কাৰ্যবাহ ভগীৰথ কলিতাৰ উপৰিও কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

ৰঙিয়া