/asomiyapratidin/media/media_files/2025/11/24/2-2025-11-24-12-37-27.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত অনুষ্ঠিত ভাৰত স্কাউট এণ্ড গাইডৰ কলকাতা, তিনিচুকীয়া, গুৱাহাটী আৰু শিলচৰ ৰিজনৰ 'কম্বাইণ্ড এডভান্স ক'ৰ্চ ফৰ ফ্লক লিডাৰ, ২০২৫' শীৰ্ষক ৮ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-12-35-11.jpeg)
উল্লেখ্য যে যোৱা ১৭ নৱেম্বৰত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ডঃ শেষানুজ সৰকাৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এছ এছ বিৰ ২৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট হৰেকৃষ্ণ গুপ্তাই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰিছিল ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-12-35-50.jpeg)
উক্ত অনুষ্ঠানত কলকাতা, গুৱাহাটী, শিলচৰ আৰু তিনিচুকীয়াৰ মুঠ ৩৯ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বিপৰীতে পাঁচ গৰাকী শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-12-36-17.jpeg)
তাৰোপৰি উক্ত প্ৰশিক্ষণ অনুষ্ঠানৰ যোৱা ২২ নৱেম্বৰত 'গ্ৰেণ্ড কেম্প ফায়াৰ' কাৰ্যসূচী ৰূপায়ণ কৰা হয় । উক্ত অনুষ্ঠানত কেন্দ্ৰীয় বিদ্যালয় সংস্থানৰ গুৱাহাটী মণ্ডলৰ মাণ্ডলিক আয়ুক্ত চন্দ্ৰশেখৰ আজাদে মুখ্য পৃষ্ঠপোষক , সহকাৰী আয়ুক্ত নৰেশ কুমাৰে পৃষ্ঠপোষক আৰু ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ডঃ শেষানুজ সৰকাৰে পাঠ্যক্ৰম পৰিচালক হিচাপে উপস্থিত থাকে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-2025-11-24-12-36-45.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us