এক মৰ্মান্তিক ঘটনা, অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

ৰঙিয়াৰ কানিকুছিত অতি কৰুণভাৱে মৃত্যুক সাৱতি ল'লে মাতৃ-পুত্ৰই। পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিব গৈ প্ৰাণ হেৰুৱাই মাতৃয়ে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰঙিয়াত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।  ৰঙিয়াৰ কানিকুছিত অতি কৰুণভাৱে মৃত্যুক সাৱতি ল'লে মাতৃ-পুত্ৰই। পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিব গৈ প্ৰাণ হেৰুৱাই মাতৃয়ে। 

WhatsApp Image 2026-01-29 at 5.22.07 PM

ঘটনাৰ বিৱৰণী মতে, ঘৰৰ পাছফালৰ জাবৰ পেট্ৰ’ল ঢালি জ্বলাইছিল পুত্ৰ মোজাক্কিৰে। । তাৰ পাছতে মোজাক্কিৰৰ গাত লাগে জুই।এই দৃশ্য দেখা পাই মাতৃয়ে লগে লগে সেই স্থানত উপস্থিত হয়। মাতৃয়ে অগ্নিদগ্ধ পুত্ৰক ৰক্ষা কৰাৰ চেষ্টা কৰে যদিও ৰক্ষা কৰিব নোৱাৰিলে। অগ্নিদগ্ধ হোৱাৰ ফলত মাতৃ-পুত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে দুয়োকে GMCHত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে দুয়োৰে মৃত্যু হয়। ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আছিল মোজাক্কিৰ চৌধুৰী। ইপিনে এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

WhatsApp Image 2026-01-29 at 5.22.14 PM

ৰঙিয়া