/asomiyapratidin/media/media_files/2026/01/25/whatsapp-im-2026-01-25-23-18-20.jpeg)
ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ সমজিলা ৰঙিয়াৰ অন্তৰ্গত মধুকুছিৰ এগৰাকী সপ্ৰতিভ মহিলা নাগাৰা নামৰ পাঠিকা, মাত্ৰ ১০ বছৰ বয়সৰ পৰা নাগাৰা নাম পৰিৱেশন কৰি কামৰূপ জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। মধুকুছি ডাঙৰচুবা গাঁৱৰ বাসিন্দা মহিলা নাগাৰা নাম দলৰ পাঠিকা গৰাকী হৈছে বসুমতী তালুকদাৰ। কৃষ্ণ ভক্তি হৰি নামেৰে নাগাৰা নামৰ পাঠিকা অতি দৰিদ্ৰ পৰিয়ালৰ দিনহাজিৰা কৰা পিতৃ স্বৰ্গীয় সত্যচৰণ দাস আৰু মাতৃ বিলাতী দাসৰ ঔৰসত ৪ মাৰ্চ ১৯৭০ চনত জন্মগ্ৰহণ কৰা বসুমতী তালুকদাৰে মধুকুছি বালিকা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-ima-2026-01-25-23-17-48.jpeg)
তাৰ পাছতে উচ্চ শিক্ষা গ্ৰহণ নকৰি মহিলা নাগাৰা নাম পৰিৱেশন কৰিয়েই সমগ্ৰ জীৱনকাল সামৰি পিছলৈ দৈচপৰা গাঁৱৰ বাসিন্দা হিতেশ চন্দ্ৰ তালুকদাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। উল্লেখ্য যে সমজিলা ৰঙিয়াৰ অন্তৰ্গত মধুকুছিৰ ডাঙৰচুবা গাঁৱৰ বাসিন্দা মহিলা নাগাৰা পাঠিকা গৰাকীয়ে ১৮ বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটী মহানগৰীৰ সোণাপুৰ,নাৰেঙ্গী,বৰ্ণিহাটকে ধৰি নলবাৰী,চমাৰগুছি,বাহাৰঘাট,কমাৰকুছি,হাবেৰিকুৰা,বৰুৱাজাননী,সুতাৰগাও,জটিয়াভাঙাৰা,ডেকাৰ,হাহাৰা,পাচপাৰা,পুঠিমাৰী,বৰলেচাকোণা,লেচাকোণা, কচৰুৱা, কমলপুৰ,হৰিছিঙা, ওদালগুৰি, তেজপুৰ, বঙাইগাঁও, পাঠশালা, মিৰ্জা আদি ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত নাম পৰিৱেশন কৰি বিপুল সমাদৰ বুটলিছিল।
আনহাতে নাগাৰা নামৰ পাঠিকা বৈজয়ন্তী নাথ তালুকদাৰৰ সৈতেও একেলগে নাম পৰিৱেশন কৰিছিল যদিও সম্প্ৰতি কোনোধৰণৰ আৰ্থিক সাহায্য তথা আজিকোপতি চৰকাৰী শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ'ল। সেইসময়ত নাগাৰা নাম পৰিবেশনৰ মাননীও সীমিত হোৱাৰ লগতে উদগনি মূলক পুৰস্কাৰহে লাভ কৰিছিল। কিন্তু কোনো ধৰণৰ দৰমহা তথা উচিত চলিব পৰা ধৰণৰ মাননী পৰ্যন্ত লাভ কৰা নাছিল। বৰ্তমান ৰাজ্য চৰকাৰে বহু নতুন নাগাৰা নামৰ পাঠিকাই কমদিনৰ ভিতৰতে শিল্পী পেঞ্চন প্ৰদান কৰি সন্মান দিছে বুলি প্ৰতিবেদকৰ ওচৰত উল্লেখ কৰে। যদিও ৰঙিয়াৰ মূৰাৰাত স্থায়ীভাৱে বসবাস কৰা আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাত পাঠিকা তালুকদাৰে ১৮ বছৰে নাম পৰিবেশন কৰিও শিল্পী পেঞ্চন আজিকোপতি লাভ নকৰি দুখ প্ৰকাশ কৰে। এইক্ষেত্ৰত বৰ্তমান ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দুৰ্ভগীয়া পাঠিকা গৰাকীয়ে শিল্পী পেঞ্চন বিচাৰি কাতৰ প্ৰাৰ্থনা জনায়। অৱশেষত এই শিল্পী পেঞ্চন লাভ কৰিলেই আৰ্থিক অৱস্থা সুস্থিৰ হব বুলি কিছু পৰিমাণে আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us