/asomiyapratidin/media/media_files/2026/03/07/narragg-2026-03-07-18-54-43.jpg)
ডিজিটেল সংবাদ, হাজোঃ ৰঙিয়াত বিৰোধী দল কংগ্ৰেছ দলে বজালে নিৰ্বাচনী ৰণশিঙা। চৰকাৰৰ ব্যৰ্থতাসমূহৰ সন্দৰ্ভত ভোটাৰ ৰাইজৰ কাষত কামৰূপ জিলা কংগ্ৰেছ কমিটী। উপস্থিত থাকে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰী।
হিমন্ত বিশ্ব শৰ্মা কোন’ শীৰ্ষক শ্লোগান দি ৰঙিয়াৰ ডিমুত কংগ্ৰেছৰ হাল্লা বল। বিজেপি চৰকাৰৰ জন বিৰোধী কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ।
কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত ভোটাৰ ৰাইজৰ কাষত এনেদৰে উপস্থিত হয় কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকল। দলটোৰ নেতা-কৰ্মীসকলে চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে ভোটাৰ ৰাইজৰ মাজত বিলালে গোহাৰি পত্ৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে কংগ্ৰেছ দলে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us