শ্বহীদ দিৱসৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপিৰ শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক কাৰ্যসূচী গ্ৰহণ

উত্তৰ কামৰূপ জিলা বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ অনুসৰি শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে যুৱ মৰ্চাই।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ প্ৰতি বছৰৰ দৰে এইবাৰো শ্বহীদ দিৱসৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক কাৰ্যসূচী। ইয়াৰে অংশ হিচাপে উত্তৰ কামৰূপ জিলা বিজেপিয়ে গ্ৰহণ কৰিছে এক বিশেষ কাৰ্যসূচী। সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ অনুসৰি শ্বহীদ পৰিয়ালৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে যুৱ মৰ্চাই।


 
উত্তৰ কামৰূপ জিলা বিজেপিয়ে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিসত্ৰ আৰু সৌৰামুৰী গাঁৱত উপস্থিত হৈছে শ্বহীদ মাতৃ তথা পৰিয়ালৰ লোকক সম্বৰ্ধনা জনোৱা লগতে খা-খবৰ লয়। এই দলটোত আছিল ৰাজ্যিক বিজেপিৰ সম্পাদক ৰাতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰকাশ দাস অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ নবদ্বীপ কলিতা,জিলা সভাপতি ভাস্কৰ কলিতাকে ধৰি কেইবাজনো নেতাই।

উত্তৰ কামৰূপ