New Update
/asomiyapratidin/media/media_files/2026/01/15/udyrfsihds-2026-01-15-21-34-20.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ পহিলা মাঘৰ দিনটোত ঐতিহাসিক ৰংঘৰৰ বাকৰি উদুলি-মুদুলি হৈ পৰে। আহোম যুগৰ ৰাজকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখি টাই আহোম সংস্কৃতিৰ ঐতিহ্য বহন কৰি টাইপাইৰ উদ্যোগত এইবাৰো আড়ম্বৰেৰে অনুষ্ঠিত কৰা হয় ৰংপুৰ মেলা।
ৰংপুৰৰ প্ৰাচীন ঐক্য-সম্প্ৰীতি আৰু এনাজৰীৰ পৰম্পৰা জীয়াই ৰখাৰ উদ্দেশ্যেৰে আয়োজিত এই মেলাই স্থানীয় ৰাইজৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা দৰ্শকৰো ব্যাপক সঁহাৰি লাভ কৰে। এইবাৰ ষোড়শ বৰ্ষত ভৰি দিয়া ৰংপুৰ মেলাত অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সুন্দৰ ছবি দেখা যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-20-2026-01-15-21-42-11.jpeg)
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত মেলাত টাই আহোম সকলৰ পৌৰাণিক লাইলুংখাম নৃত্যৰ লগতে তিৱা জনগোষ্ঠীৰ খ্ৰাম, ফেমপা আৰু পাঞ্চী খুৱেঙে নৃত্য প্ৰদৰ্শিত হয়। লগতে টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ক্লং, যামটং আৰু চেঙে আদি বাদ্যযন্ত্ৰৰ ধ্বনিয়ে সমগ্ৰ বাকৰি মুখৰিত কৰি তোলে।
মেলাৰ সাংস্কৃতিক অনুষ্ঠানত তিৱা জনগোষ্ঠীৰ বৰট নৃত্য আৰু লালী লাং নৃত্য, খামতী জনগোষ্ঠীৰ মঁয়ুৰ, হৰিণ আৰু কুকুৰা নৃত্য, মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ লগতে বিহু নৃত্যো প্ৰদৰ্শন কৰা হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্যই মেলাখনক অধিক ৰঙীন কৰি তোলে। সাংস্কৃতিক আয়োজনৰ লগতে ৰংপুৰ মেলাত পৰম্পৰাগত খেল-ধেমালিৰো ব্যৱস্থা কৰা হয়, যিয়ে শিশু-কিশোৰৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে আগ্ৰহ আকৰ্ষণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/15/whatsapp-image-202-2026-01-15-21-42-27.jpeg)
আয়োজক সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে সাংস্কৃতিক মেলা উদ্বোধন কৰে ৷ ঐতিহ্য, সংস্কৃতি আৰু সম্প্ৰীতিৰ এই মিলন উৎসৱ ৰংপুৰ মেলাক পুনৰ এবাৰ অসমৰ এক অন্যতম গুৰুত্বপূৰ্ণ লোকসংস্কৃতিক উৎসৱৰ ৰূপত প্ৰতিষ্ঠা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us