/asomiyapratidin/media/media_files/2026/01/24/697-2026-01-24-12-49-01.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : কোকৰাঝাৰ জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৰঙাপৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছাৰ সদস্যসকলে বিজেপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি ক্ষোভ প্ৰকাশ কৰে।
প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে । আছাই কোকৰাঝাৰৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়। অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us