/asomiyapratidin/media/media_files/2026/02/17/santannn-2026-02-17-16-38-21.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে এগৰাকী অসহায় মাতৃয়ে। পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে স্বামীহাৰা মহিলাগৰাকীয়ে৷ নিজ সমষ্টিৰ জনগোষ্ঠীৰেই দুখ নুবুজে বুলি অভিযোগ উঠিছে বিধায়ক কৃষ্ণকমল তাঁতীৰ বিৰুদ্ধে৷
ৰঙাপৰাৰ বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ মথুৰা চাওঁৰাৰ৷ মুখ্যমন্ত্ৰী আৰোগ্য আঁচনিৰ পৰা কিয় বঞ্চিত হ’বলগীয়া হ’ল মথুৰা চাওঁৰাৰ অসুস্থ সন্তানটি বুলিও প্ৰশ্ন কৰা হৈছে। উল্লেখ্য যে, ২০২৫ বৰ্ষৰ এপ্ৰিলত এক শোকাৱহ দুৰ্ঘটনাত ডিঙিৰ হাঁড় ভাঙি গুৰুতৰভাৱে অসুস্থ হৈ পৰা পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি হাৰচুৰা চাহ বাগিচা পামবস্তীৰ মহিলা মথুৰা চাওঁৰাই ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ ওচৰলৈ চাৰিবাৰকৈ ঢাপলি মেলিছিল যদিও কোনো সুফল নাপালে।
চিকিৎসকে পুত্ৰৰ জৰুৰী অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে যদিও আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে বৰ্তমানলৈকে সেই খৰচ বহন কৰিব পৰা নাই। স্থানীয় ৰাইজে সাধ্যানুসাৰে সহায় আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। অভিযোগ অনুসৰি, বিধায়কগৰাকীয়ে সমষ্টিটোৰ আন বহু লোকক ‘মুখ্যমন্ত্ৰী আৰোগ্য আঁচনি’ৰ জৰিয়তে সহায় কৰিছে যদিও নিজৰ জনগোষ্ঠীৰে এগৰাকী অতি দৰিদ্ৰ আৰু অসহায় মহিলাৰ পুত্ৰৰ জীৱন-মৰণৰ সমস্যাটোত কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে জনগোষ্ঠীটো একাংশ ৰাইজ৷
বিধায়কগৰাকীৰ এনে উদাসীনতাক লৈ বৰ্তমান স্থানীয় সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুৰ্ভগীয়া মাতৃগৰাকীয়ে ৰাজ্য চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষৰ পৰা সহায়ৰ আশাৰে দিন গণিছে। এতিয়া প্ৰশ্ন হয় কিয় দুৰ্ভগীয়া পৰিয়ালটিক মুখ্যমন্ত্ৰী আৰোগ্য আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us