ৰঙাপৰাৰ মানশিৰিত সুশাসন দিৱস উপলক্ষ্যে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ

শোণিতপুৰ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত মানশিৰি কালি মন্দিৰ প্ৰঙ্গনত আয়োজিত অনুষ্ঠানত বিজেপিৰ দলীয় নেতৃবৃন্দৰ লগতে অঞ্চলটোৰ ভালে সংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত মানশিৰিত ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু সুশাসন দিৱসৰ সৈতে সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । 

শোণিতপুৰ জিলা চাহ জনগোষ্ঠী মৰ্চাৰ উদ্যোগত মানশিৰি কালি মন্দিৰ প্ৰঙ্গনত আয়োজিত অনুষ্ঠানত বিজেপিৰ দলীয় নেতৃবৃন্দৰ লগতে অঞ্চলটোৰ ভালে সংখ্যক ৰাইজে অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে , অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰো আয়োজন কৰা  পৰিলক্ষিত হয়। 

মানশিৰি