/asomiyapratidin/media/media_files/2025/09/13/335-2025-09-13-13-48-22.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাৰ ধুলাপাদুং গাঁৱত এগৰাকী অষ্টম মানৰ ছাত্ৰী অন্তঃসত্ত্বা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঠাকুৰবাৰী ৰেলৱে ষ্টেচনৰ সমীপৰ ধুলাপাদুং গাঁৱৰ বিশাল কোচ নামৰ যুৱকজনে গাঁৱৰে এগৰাকী অষ্টম মানৰ ছাত্ৰীক প্ৰেমৰ চলনাৰে জালত পেলাই নিজৰ কামনা পূৰণ কৰি আহিছিল ৷
উল্লেখযোগ্য যে, চাৰিমাহৰ অন্তঃসত্ত্বা হোৱাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালবৰ্গক কোৱাৰ পাছতে পৰিয়ালৰ লোকে ৰঙাপৰা আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
ধৃত যুৱক বিশাল কোচে পৰিয়ালবৰ্গক নজনাবলৈ ছাত্ৰীগৰাকীক ধমকি প্ৰদান কৰিছিল । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি পস্ক' ধাৰাৰ অধীনত যুৱকজনক গ্ৰেপ্তাৰ কৰি তেজপুৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ।