ৰঙাপৰাত ছাত্ৰ নিৰুদ্দেশ

বিগত ১০ দিন ধৰি ছাত্ৰজন সন্ধানহীন হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। নিৰুদ্দিষ্ট ছাত্ৰজন ৰঙাপৰাৰ ২৪ নং প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত বুলি  জানিব পৰা গৈছে।  

author-image
Asomiya Pratidin
New Update
new ap web 3 (33)

ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ৰঙাপৰাৰ পৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত ১০ দিন ধৰি ছাত্ৰজন সন্ধানহীন হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। নিৰুদ্দিষ্ট ছাত্ৰজন ৰঙাপৰাৰ ২৪ নং প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত বুলি  জানিব পৰা গৈছে।

 WhatsApp Image 2026-01-17 at 10.25.00 AM

উল্লেখ্য যে, ৫ জানুৱাৰীৰ পৰা কুলদীপ সিং সন্ধানহীন হৈ আছে। ৰৌতাৰ মাৰিয়া দৈমাৰীৰ সৈতে ৰঙাপৰা ৰে'লৱে ষ্টেচনৰ পৰা হাৰমতিলৈ যোৱাৰ পাছতে ৰহস্যজনকভাৱে কিশোৰজন সন্ধানহীন হৈ পৰে। এই ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন সন্দেহৰ সৃষ্টি হৈছে।

ইপিনে ঘটনাটোৰ সন্দৰ্ভত কুলদীপৰ পৰিয়ালে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে মাৰিয়া দৈমাৰীক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ মাজতে কিশোৰজন সোনকালে উদ্ধাৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই।

ৰঙাপৰা