/asomiyapratidin/media/media_files/2025/11/27/3-2025-11-27-15-03-04.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপৰাত হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিছে তীব্ৰ ৰূপ ৷ বন্যহস্তীয়ে খেদিবলৈ যোৱা একাংশ যুৱকক খেদি আহিছে বন্যহস্তীয়ে ৷ যিকোনো সময়ত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷ হাতীৰ আক্ৰমণত নিহত হ’বও পাৰে কোনো লোক ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-04-39.jpeg)
উল্লেখ্য যে ৰঙাপৰাত বন্যহস্তীৰ মুক্ত বিচৰণে এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ বন্যহস্তীৰ জাকে কৃষক ৰাইজৰ পকা ধাননি পথাৰৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ধেন্দাই চাহ বাগিচাত দিনৰ ভাগতে বন্যহস্তীয়ে পকা ধাননি পথাৰৰ ধান খাই তহিলং কৰিছে ৷ বন্যহস্তীৰ জাক খেদিবলৈ যোৱা যুৱকৰ দলটোক আক্ৰমণ কৰিবলৈ যোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-05-04.jpeg)
তাৰোপৰি প্ৰত্যেক দিনাই সোনাই-ৰূপাই অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক সমূহ বাগিচা অঞ্চলত প্ৰৱেশ কৰি বিচৰণ কৰি থকাৰ পিছত সন্ধিয়া হোৱাৰ লগে লগে নামি পৰে ধাননি পথাৰত । খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক সমূহ দিনৰ ভাগত ধাননি পথাৰত নামি পৰাত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷ ইপিনে বন্যহস্তীৰ জাকে ধাননি পথাৰৰ ধান খায় তহিলং কৰিছে। বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে গঞা ৰাইজে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-image-2025-11-27-15-05-34.jpeg)
উল্লেখ্য যে আমাৰিবাৰী বন বিভাগৰ কৰ্মী সকলে বন্যহস্তীৰ জাক সমূহ পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us