বিধায়ক কৃষ্ণ কমল তাঁতীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ৰঙাপৰাৰ ফুলগুৰিত স্থাপিত আদৰ্শ চিকিৎসালয়খনৰ নাম হঠাৎ সলনি হোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।

author-image
Asomiya Pratidin
New Update
RANGAPARAHOSPITAL

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাৰ ফুলগুৰিত স্থাপিত আদৰ্শ চিকিৎসালয়খনৰ নাম হঠাৎ সলনি হোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আদৰ্শ চিকিৎসালয়ৰ নাম সলনি কৰাৰ বিৰুদ্ধে এনেদৰেই ৰাজপথলৈ ওলাই আহিল শতাধিক  ৰাইজ৷ 

২০২০ চনত ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাৰ ৰাইজে দান কৰা ভূমিত অসম চৰকাৰৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘইৰালি আদৰ্শ চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু হঠাৎ ঘইৰালি আদৰ্শ চিকিৎসালয়খনৰ নাম ফুলগুৰি (ঘইৰালি) আদৰ্শ চিকিৎসালয় নামেৰে নামাকৰণ কৰাত স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ঘইৰালি চাহ বাগিচাৰ ৰাইজৰ মতামত নোলোৱাকৈ চিকিৎসালয়খনৰ নাম সলনি কৰি ফুলগুৰি ঘইৰালি আদৰ্শ চিকিৎসালয় নামেৰে নামাকৰণ কৰে৷ ৰাইজে আপত্তি জনোৱাৰ পাছতো বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰাইজক বুঢ়া আঙুলি দেখুৱাই নাম সলনি কৰাত ৰাইজ ক্ষোভিত হৈ পৰে৷ 

ঘইৰালি চাহ বাগিচাৰ পুৰুষ-মহিলাসকলে অতি শীঘ্ৰেই উক্ত নামটো সলনি কৰি ঘইৰালি আদৰ্শ চিকিৎসালয় নামেৰে নামাকৰণ কৰাৰ দাবী জনায়।

ৰঙাপৰা