ৰঙাপৰাৰ ফুলগুৰিত গৰু চোৰ কৰিবলৈ অহা বাহন দুৰ্ঘটনাগ্ৰস্ত

চোৰ দুটাই গাড়ীখন লৈ তীব্ৰ বেগত পলায়ন কৰাৰ সময়তে ফুলগুৰিত পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে। ৰাইজৰ গণৰোষত পৰাৰ ভয়ত চোৰ দুটাই গাড়ীখন তাতে পেলায় থৈ পলায়ন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰৰ ৰঙাপৰাত গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰঙাপৰাৰ ফুলগুৰি গাঁৱত নিশা দুটা চোৰে এখন বগা ৰঙৰ গাড়ী লৈ গৰু চোৰ কৰিবলৈ আহে। ঠিক তেনে সময়তে স্থানীয় ৰাইজে চোৰ অহাৰ উমান পায় আৰু চোৰ দুটাক হাতে লোটে ধৰিবলৈ চেষ্টা কৰে। 

উল্লেখ্য যে-  চোৰ দুটাই গাড়ীখন লৈ তীব্ৰ বেগত পলায়ন কৰাৰ সময়তে ফুলগুৰিত পথৰ দাঁতিত থকা এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে। ৰাইজৰ গণৰোষত পৰাৰ ভয়ত চোৰ দুটাই গাড়ীখন তাতে পেলায় থৈ পলায়ন কৰে। তাৰে এজন চোৰক বেবেজীয়া আৰক্ষী থানাৰ অন্তৰ্গত হাবিগাঁৱত আটক কৰে ৰাইজে। 

ইপিনে  উত্তেজিত স্থানীয় ৰাইজে গাড়ীখন ভাঙি চুৰমাৰ কৰি পেলোৱাতে ক্ষান্ত নাথাকি গাড়ীখন জ্বলাই দিয়ে। ফুলগুৰি গাঁৱত বিগত কেইবাদিন ধৰি গোহালিৰ পৰা গৰু চোৰ হৈ থকাত ৰাইজ ক্ষোভিত হৈ আছিল।

জামুগুৰিহাট