নিশা হঠাতে জয়ন্ত খাউণ্ডলৈ আহিল গৌৰৱ গগৈৰ ফোন...

ৰঙানদী সমষ্টি বিজেপিয়ে অগপত এৰি নিদিয়াৰ স্পষ্ট সংকেত পোৱাৰ পাছতে শুকুৰবাৰে অগপ ত্যাগ কৰিছিল দলটোৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে। বহুদিনৰে পৰা নৱগঠিত

author-image
Asomiya Pratidin
New Update
huhuh

ডিজিটেল ডেস্কঃ ৰঙানদী সমষ্টি বিজেপিয়ে অগপত এৰি নিদিয়াৰ স্পষ্ট সংকেত পোৱাৰ পাছতে শুকুৰবাৰে অগপ ত্যাগ কৰিছিল দলটোৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে। বহুদিনৰে পৰা নৱগঠিত সমষ্টিটোত কাম কৰি থকা জয়ন্ত খাউণ্ডে টিকট বঞ্চিত হোৱাৰ পাছতে কাষ চাপিছে কংগ্ৰেছ দলৰ।

শুকুৰবাৰে নিশাৰ ভাগত  জয়ন্ত খাউণ্ড মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে এক বৈঠকত। ফোন যোগেৰে জয়ন্ত খাউণ্ডক মীৰা বৰঠাকুৰৰ ঘৰলৈ মাতি পঠায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তাৰ পাছতে নিশা প্ৰায় ১০বজাৰ পাছত সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়াৰ সৈতে জয়ন্ত খাউণ্ড উপস্থিত হয় মীৰা বৰঠাকুৰৰ ঘৰত।

এ এছ ০১ এফ ৱাই ০০২৩ বাহনখনত উঠি জয়ন্ত খাউণ্ড আৰু তেওঁৰ দল মীৰা বৰঠাকুৰৰ ঘৰত উপস্থিত হোৱাৰ পাছতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। শুকুৰবাৰে নিশাৰ ভাগতে জয়ন্ত খাউণ্ডৰ ৰাজনৈতিক ভৱিষ্যত এক প্ৰকাৰৰ সুনিশ্চিত হ'ব। সকলো ঠিকে ঠাকে থাকিলে শনিবাৰে কংগ্ৰেছত যোগদান কৰি দেওবাৰে সমষ্টিলৈ গৈ কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে প্ৰচাৰ চলাব পাৰে জয়ন্ত খাউণ্ডে। 

গৌৰৱ গগৈ