বিৰাট- ৰোহিতৰ দৰ্শনীয় প্ৰদৰ্শন : ৰাঁচীত দক্ষিণ আফ্ৰিকাক হৰুৱাই শৃংখলাত অগ্ৰগতি টীম ইণ্ডিয়াৰ

মহেন্দ্ৰ সিং ধোনীৰ গৃহ চহৰ ৰাঁচীত চলিল বিৰাট কোহলি, কে এল ৰাহুল আৰু ৰোহিত শৰ্মাৰ দপদপনি। স্বাভাৱিক ছন্দলৈ ওভতা তিনিওগৰাকী বেটাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। 

author-image
Asomiya Pratidin
New Update
361

ডিজিটেল ডেস্ক : মহেন্দ্ৰ সিং ধোনীৰ গৃহ চহৰ ৰাঁচীত চলিল বিৰাট কোহলি, কে এল ৰাহুল আৰু ৰোহিত শৰ্মাৰ দপদপনি। স্বাভাৱিক ছন্দলৈ ওভতা তিনিওগৰাকী বেটাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। 

WhatsApp Image 2025-11-30 at 10.57.01 PM

দীৰ্ঘদিনৰ মূৰত টীম ইণ্ডিয়াৰ শিবিৰত যোগ দিয়া ৰোহিত শৰ্মাই অৰ্জন কৰে দৰ্শনীয় অৰ্ধশতক। একেদৰে বিৰাট কোহলিয়েও দৰ্শকক শক্তিৰ উমান দি অৰ্জন কৰে শতক। 

WhatsApp Image 2025-11-30 at 10.56.19 PM

ইফালে মধ্যক্ৰমত বেটিং কৰা অধিনায়ক কে এল ৰাহুলে ৬০ ৰানৰ অনবদ্য বৰঙণি যোগাই দলৰ স্ক’ৰ ৩৪৯লৈ বৃদ্ধি কৰে। টীম ইণ্ডিয়াই বান্ধি দিয়া বিজয় লক্ষ্য আগত লৈ আলহী দল দক্ষিণ আফ্ৰিকাই ৩৩২ ৰানতে আটাইকেটা উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। দলৰ হৈ সৰ্বাধিক মাৰ্কো জেনছনে ৭০ ৰানৰ বৰঙণি যোগাই যদিও দলক উদ্ধাৰ কৰিব নোৱাৰিলে। 

WhatsApp Image 2025-11-30 at 10.56.43 PM

উল্লেখযোগ্য যে, ভাৰতৰ শক্তিশালী বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি অৱশেষত ১৭ ৰানৰ ব্যৱধানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰাৰ বিপৰীতে হৰ্ষিত ৰাণাই ৩টা উইকেট লাভ কৰে। একেদৰে অৰ্শদীপ সিং ২ আৰু প্ৰসিদ্ধ কৃষ্ণই ১টা উইকেট দখল কৰে।

virat kohli