দুৰ্ঘটনাত পতিত ৰাঁচীৰ পৰি দিল্লী অভিমুখী এয়াৰ এম্বুলেঞ্চ, ৭ জন আৰোহীৰ মৃত্যু

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীস্থিত বিৰছা মুণ্ডা বিমান বন্দৰৰ পৰা দিল্লীলৈ উৰা মৰাৰ সময়ত এখন ব্যক্তিগত চাৰ্টাৰ এয়াৰ এম্বুলেন্স বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে।

author-image
Asomiya Pratidin
New Update
FDGFDGDFG

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীস্থিত বিৰছা মুণ্ডা বিমান বন্দৰৰ পৰা দিল্লীলৈ উৰা মৰাৰ সময়ত এখন ব্যক্তিগত চাৰ্টাৰ এয়াৰ এম্বুলেন্স বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। বিমানখনত মুঠ ৭ জন আৰোহী আছিল, যাৰ ভিতৰত আছিল ২ জন ক্ৰু সদস্য । 

DGCAয়ে সদৰী কৰা অনুসৰি, বিমানখন সন্ধিয়া ৭:১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। উৰণ চলি থকা অৱস্থাত সন্ধিয়া ৭:৩৪ বজাত কলকাতা এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে শেষ সংযোগ হৈছিল। তাৰ পাছতেই বিমানখনৰ ৰাডাৰ আৰু ৰেডিঅ’ সংযোগ দুয়োটা বিচ্ছিন্ন হয়। এই সংযোগ বাৰাণসীৰ প্ৰায় ১০০ নটিকেল মাইল দক্ষিণ-পূৰ্ব দিশত শেষ হৈছিল বুলি জানিব পৰা গৈছে।

ইফালে, আছিল বিমানখনত ৭ জন আৰোহী। ইয়াৰে ২ জন পাইলট আৰু ৫ জন যাত্ৰী। এই দুৰ্ঘটনাত কেপ্টেইন বিবেক বিকাশ বিলাগত (পাইলট), কেপ্টেইন সৱৰদীপ সিং (পাইলট), সঞ্জয় কুমাৰ (ৰোগী), অৰ্চনা দেৱী (এটেণ্ডেণ্ট), ধৰু কুমাৰ (এটেণ্ডেণ্ট), ডাঃ বিকাশ কুমাৰ গুপ্ত (ডাক্তৰ) থিতাতে নিহত হয়।

আনহাতে, চতৰা জিলাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই সদৰী কৰা অনুসৰি, প্ৰশাসন ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। সন্দেহজনক ধাতুৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱা বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।

ঝাৰখণ্ড